শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰ পৌৰসভাত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ পৰা প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ বাবে বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা প্ৰচাৰত নামিছে। বুধবাৰে শিৱসাগৰ পৌৰনিৰ্বাচনৰ ৭খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে মন্ত্ৰী হাজৰিকাই।

প্ৰচাৰ অভিযানত মন্ত্ৰী পীযুষ হাজৰিকাৰ টাৰ্গেট অখিল গগৈ। শিৱসাগৰত প্ৰচাৰ চলাই অখিল গগৈক টাৰ্গেট কৰি লোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ লুৰিণজ্যোতি গগৈৰ প্ৰতিও। লুৰিণজ্যোতি গগৈক কংগ্ৰেছে মাজুলীত বলিৰ পঠা সজোৱা বুলি মন্তব্য কৰি কংগ্ৰেছকো সমালোচনা কৰে মন্ত্ৰীজনে।

শিৱসাগৰ নগৰবাসীক উন্নয়নৰ স্বাৰ্থত বিজেপিত ভোটদান কৰিবলৈ আহ্বান।

কংগ্ৰেছৰ প্ৰাৰ্থী, সদস্যক শাসকীয় দল-চৰকাৰে ভয় ভাবুকি দিয়া বুলি উত্থাপন কৰা অভিযোগ খণ্ডন কৰি পিয়ুষ হাজৰিকাৰ মন্তব্য –
“পৌৰসভা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ মানুহেই নাই। ভয় ভাবুকি কাক দিব, মানুহ থাকিলেহে দিব। ইতিমধ্যে আমি ৬০ টাত জয়ী হৈছোঁয়েই । ভয় ভাবুকিৰ প্ৰয়োজন নাই, অলপ মৰম কৰিলেই কংগ্ৰেছৰ যিকেইজন আছে নোহোৱা হৈ যাব।”
শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ড নিজ নিজ দলৰ আয়ত্বলৈ আনিবলৈ এতিয়া সকলো তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ।

মন্ত্ৰী পিযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰত তুলনামূলকভাৱে বহু দিশত পিছ পৰি থকা শিৱসাগৰ পৌৰসভাৰ কৰণীয় যথেষ্ট কাম বাকী আছে আৰু এইসমূহ ফলপ্ৰসূ কৰিবলৈ হ’লে ৰাইজে বিজেপি দলক জয়যুক্ত কৰাটো জৰুৰী বুলি মন্তব্য কৰে ।

লগতে পঢ়ক- মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply