শিৱসাগৰ পৰা আমিনুৰ ৰহমান: আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে গেৰুৱা দল ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰত জিলা খনৰ ৫ খন পৌৰ সভাৰ ভিতৰত ৪ পৌৰ সভা ক্ৰমে বাবে দলটোৰ মনোনীত প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে।

দলটোৱে শিৱসাগৰ, নাজিৰা, শিমলুগুৰি আৰু ডিমৌ পৌৰসভাৰ বাবে সৰ্বমুঠ ৪৪ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

দলটোৱে শিৱসাগৰ পৌৰ সভাৰ ১৪ ৱাৰ্ডৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব।দলটোৱে মিত্ৰ দল অসম গণ পৰিষদক ২,৩ আৰু ৯ নং ৱাৰ্ড এৰি দিছে।এই ৱাৰ্ড কেইটাত মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।
একেদৰে দলটোৱে নাজিৰা,শিমলুগুৰি আৰু ডিমৌ পৌৰ সভাৰ ৩০ আসনৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।নাজিৰাত দলটোৱে মিত্ৰ দল অসম গণ পৰিষদক ৩ আসন,শিমলুগুৰি পৌৰসভাত ১ আসন আৰু ডিমৌ পৌৰসভাত দুখন আসন এৰি দিছে।

উল্লেখযোগ্য যে আসন বুজাপৰাক লৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে সহমতত উপনীত হব নোৱাৰা বাবে এতিয়ালৈ আমগুৰি পৌৰ সভাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হোৱা নাই।

ঘোষণা কৰা তালিকাত এইবাৰ বুজন সংখ্যক মহিলা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে।তালিকাত অন্তৰ্ভূক্ত হোৱা কণিষ্ঠতম প্ৰাৰ্থী গৰাকী হৈছে শিমলুগুৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দিতা কৰা ২৩ বছৰীয়া পুনম দেৱী । আনহাতে ডিমৌ পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ পৰা মনোনীত প্ৰাৰ্থী ৬৭ বছৰীয়া গুণদা ৰাজখোৱা দুৱৰী হৈছে আটাইতকৈ বয়োজ্যেষ্ঠ প্ৰাৰ্থী।প্ৰাৰ্থী সকলৰ ভিতৰৰ ১৩ গৰাকী স্নাতক ডিগ্ৰী ধাৰী আৰু এগৰাকী স্নাতকোত্তৰ ডিগ্ৰী ধাৰী।

আনহাতে পৌৰসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ শিৱসাগৰ পৌৰসভাৰ প্ৰাৰ্থী ঘোষণা কৰিছে। ১৯০৬ চনত স্থাপিত শিৱসাগৰ পৌৰসভাৰ ১৪টা ৱাৰ্ডৰ ৰাইজৰ দলৰ পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ নাম ঘোষনা কৰে বিধায়ক অখিল গগৈয়ে । ঘোষিত প্ৰাৰ্থীসকল হ’ল আচিফা জামান আহমেদ,জিয়াফাৰুল ইছলাম বড়া, তেহচিনা কৰিম, কৃষ্ণালী দত্ত(হুছেইন), দেৱাশীষ মিশ্ৰ(ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী),ৰূপা বৰা, মণিকা দাস, মমি বৰুৱা, বিশ্ব খনিকৰ, সংগীতা বৰুৱা,
অজয় গগৈ,নৱাব জাহিদুল হক (দীপ),মাধুৰীমা সিংহ ভৰালী আৰু গায়িত্ৰী ৰাঁজকোৱৰ।

লগতে পঢ়ক- মাজুলীৰ উপ-নিৰ্বাচনঃ বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply