সোণাৰি : অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সোণাৰি আৰু মৰাণ পৌৰসভা নিৰ্বাচনৰ বাবে পৰ্য্যবেক্ষক হিচাপে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া তথা অসম অসামৰিক সেৱা বিষয়া প্ৰনৱ কুমাৰ বড়াক নিযুক্তি দিছে ।
পৰ্য্যবেক্ষক গৰাকীয়ে ইতিমধ্যে চৰাইদেউ জিলাৰ সোণাৰিস্থিত আৱৰ্ত্ত ভৱনত বাহৰ পাতি সোণাৰি আৰু মৰাঢ পৌৰসভাৰ নিৰ্বাচনৰ কাম-কাজ সমূহৰ তদাৰক কৰি আছে।
পৰ্য্যবেক্ষক গৰাকীক সোণাৰি আৰু মৰান পৌৰ সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত কিবা জনাবলৈ হ’লে তেখেতৰ মোবাইল নম্বৰ ৮৮১১০৩৫০৭০ত যোগাযোগ কৰিব পাৰিব বুলি চৰাইদেউ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰপৰা জানিবলৈ দিছে