সোণাৰি, ১৩ ফেব্ৰুৱাৰী : পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনৰ বতাহ বলিছে। জিলাখনৰ দুখন পৌৰসভা সোণাৰি আৰু মৰাণত ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচ-কাৱাজ অব্যাহত ৰাখিছে।
ইফালে মনোনয়ন পত্ৰ দাখিলৰ বাবে মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত আজি সোণাৰিত বিজেপি দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে।সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেলযোগে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা।
চৰাইদেউ জিলাৰ দুয়োখন পৌৰসভাৰ বাবে দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা সংবাদ মেলত জানিব পৰা মতে সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডৰ ১৪ টাত বিজেপি আৰু দুটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।
আনহাতে মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ দহটাত বিজেপি আৰু এটাত মিত্ৰদলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। এই সন্দৰ্ভত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছাই সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপ সভাপতি ৰ’জ কমল মোহন, সোণাৰি নগৰ মণ্ডলৰ সভাপতি অভিজিত চেলেং আৰু দলীয় নেতা কৰ্মীৰ উপস্থিতিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।
ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি সোণাৰি পৌৰসভাৰ দুই নং ৱাৰ্ডত মিতালী মণ্ডল, তিনি নং ৱাৰ্ডত স্বাক্ষৰ জ্যোতি গগৈ, চাৰি নং ৱাৰ্ডত গিৰিণ গগৈ, পাঁচ নং ৱাৰ্ডত ৱাজিদা বেগম, ছয় নং ৱাৰ্ডত ভাস্কৰ বৰুৱা, সাত নং ৱাৰ্ডত দিপামণি গগৈ, আঠ নং ৱাৰ্ডত কল্পনা হাজৰিকা, ন নং ৱাৰ্ডত চুমা দাস, দহ নং ৱাৰ্ডত নমিতা গগৈ বুঢ়াগোহাঁই, বাৰ নং ৱাৰ্ডত তিলক চন্দ্ৰ নেওগ, তেৰ নং ৱাৰ্ডত অঞ্জলি খঙীয়া, চৈধ্য নং ৱাৰ্ডত বলিন কলিতা, পোন্ধৰ নং ৱাৰ্ডত অনিতা চাহু আৰু দহ নং ৱাৰ্ডত বন্দনা বৰুৱা।
লগতে পঢ়ক- বিহু বিষয়টো শিক্ষা সংসদে এতিয়াও কৰ্তন কৰা নাই: শিক্ষামন্ত্ৰী
আনহাতে এক আৰু এঘাৰ নং ৱাৰ্ডত বিজেপি দলে অসম গণ পৰিষদ দলৰ বাবে এৰি দিছে। ইফালে মৰাণ পৌৰসভাৰ এঘাৰ নং ৱাৰ্ডত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে এক নং ৱাৰ্ডত মৌচুমী দুৱৰা, দুই নং ৱাৰ্ডত অৰূপ দত্ত, তিনি নং ৱাৰ্ডত সুনয়না চাহ, চাৰি নং ৱাৰ্ডত উদয় শংকৰ গগৈ, পাঁচ নং ৱাৰ্ডত পূবালী বুঢ়াগোহাঁই, ছয় নং ৱাৰ্ডত হিৰামণি গোস্বামী, সাত নং ৱাৰ্ডত চিত্ৰা মণ্ডল দাস , আঠ নং ৱাৰ্ডত অলি দত্ত বৰা, ন নং ৱাৰ্ডত চন্দ্ৰ শেখৰ চেতিয়া আৰু দহ নং ৱাৰ্ডত মুনমী চাংমাই বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব।
মন কৰিবলগীয়া যে এইবাৰ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী সকলৰ ভিতৰত দুয়োখন পৌৰসভাতেই বেছি ভাগ নতুন মুখে অগ্ৰাধিকাৰ লাভ কৰিছে। ইপিনে উন্নয়ন আৰু নিকা পৌৰ প্ৰশাসন লাভৰ স্বাৰ্থত এইবাৰ জনসাধাৰণে দুয়োখন পৌৰসভাতেই বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি সংবাদ মেলত মন্তব্য কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।