ৰাজ্যত এতিয়া পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আন ঠাইৰ লগতে সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবেও শাসকীয় বিজেপি তথা মিত্ৰ দলৰ লগতে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে জোৰদাৰ কৰি তুলিছে প্ৰচাৰ অভিযান।

ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে প্ৰাৰ্থীয়ে। আনহাতে আজি সোণাৰিত বিজেপি দলে পৌৰসভা নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন কৰে। সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত উন্মোচন কৰে সংকল্প পত্ৰৰ।

সোণাৰি নগৰৰ উন্নয়ন তথা অভাৱ-অভিযোগ সন্দৰ্ভত বিভিন্ন আঁচনি সন্মিবিষ্ট সংকল্প পত্ৰ উন্মোচন অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।

লগতে পঢ়ক- চন্দ্ৰপুৰৰ পানীখাইতিত মৃত নাহৰফুটুকী উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply