ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ এটা দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ব্যস্ত ভোটাৰৰ মন জয় কৰিবলৈ।
সোণাৰিতো শাসক-বিৰোধী উভয়ে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। ইফালে আজি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত বিজেপি দলৰ কাৰ্যকৰ্তাসকলে পদযাত্ৰা তথা বাইক ৰেলীৰ জৰিয়তে সোণাৰি পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত প্ৰচাৰ অভিযান চলাই।
আনহাতে সোণাৰি পৌৰসভাৰ অন্তৰ্গত ১৬ টা ৱাৰ্ডতেই বিজেপি দলৰ প্ৰাৰ্থী জয়ী হব বুলি মন্তব্য কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
লগতে পঢ়ক- লখিমপুৰত জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ