অসমৰ পৌৰসভা সমূহ হোৱা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব। পুৱা ৮ বজাৰ ভোটগণনা আৰম্ভ হৈছে। মুঠ ৯৭৭টা ৱাৰ্ডৰ বাবে হৈছে এই নিৰ্বাচন। ২৯ খন পৌৰসভাৰ সমুখ সমৰত আছে বিজেপি-অগপ-কংগ্ৰেছ। এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে মুঠ ২৫৩২ গৰাকী প্ৰাৰ্থী । প্ৰথম বাৰৰ বাবে EVMৰ জৰিয়তে হৈছে এইবাৰৰ পৌৰসভা নিৰ্বাচন।

উত্তৰ গুৱাহাটী পৌৰসভাত ১০টা ৱাৰ্ডৰ ভিতৰত ৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয় বিজেপি প্ৰাৰ্থী। ইয়াৰ ফলত বিনাপ্ৰতিদ্বন্দিতাৰে এইখন পৌৰসভা বিজেপিয়ে গঠন কৰাতো নিশ্চিত হ’ল। মুঠ ৬০ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে বিজেপি প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

পৌৰসভাৰ সৰ্বমুঠ ৯৭৭খন আসনৰ ৮৮৩ খনত বিজেপি দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছে।আন ৯২ খন আসন মিত্ৰ দলক এৰি দিয়া হৈছে।উত্তৰ গুৱাহাটী,চতিয়া আৰু লামডিং পৌৰসভা গঠন কৰিব পৰাকৈ বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে।

এইবাৰৰ নিৰ্বাচনত শিৱসাগৰ পৌৰসভা আৰু চাবুৱা পৌৰসভা বিশেষভাবে চৰ্চাত থাকে। শিৱসাগৰত শাসক বিজেপিৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ মাজত হোৱা যুঁজ খন। আনহাতে চাবুৱাত বিধায়ক পোনাকন বৰুৱাৰ বিৰুদ্ধে প্ৰাক্তণ বিধায়ক বিনোদ হাজৰিকাৰ মাজত মিত্ৰতাৰ পিছত হোৱা যুঁজখন। বহুতো হিংসাত্মক ঘটনাও চাবুৱাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply