নিউজ ডেস্ক: নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে চলাইছে অভিযান | প্ৰতিদিনে বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে অসমৰ উজনি-নামনিয়ে প্ৰচাৰ অভিযানত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী।
সোমবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মাহমৰাৰ এটা পৰিয়ালত দুপৰীয়াৰ এসাজ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। মাহমৰা সমষ্টিৰ গড়কোষ হাবিৰ বাসিন্দা নুমলী বৰুৱা আৰু পৰিয়ালৰ ঘৰত সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে অসমীয়া সমাজ জীৱনৰ পৰম্পৰাগত দুপৰীয়া আহাৰ।
মাটিত বহি বান কাঁহী, বান বাটিত টোপোলা ভাত, আমৰলি টোপ, লেটা, মাটি ডাইল, কলদিলৰ ভাজি, গাহৰি, আলু পিটিকাৰে মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহণ কৰিলে তৃপ্তিৰে এসাঁজ।
মাহমৰাৰ গড়কোষ হাবিৰ বাসিন্দাৰ নুমলী বৰুৱাৰ ঘৰত আদৰ-সম্ভাষণৰ মাজত তৃপ্তিৰে এসাঁজ খাই তেওঁলোকৰ লগত কটোৱা সময়খিনি চিৰস্মৰণীয় হৈ ৰৈ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।