গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বুধবাৰে ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্রার্থী ডাঃ দেবময় সান্যালৰ সমৰ্থনত অনুষ্ঠিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি কয় যে কংগ্ৰেছে ৬০ বছৰ ৰাজত্ব চলালে যদিও ধুবুৰীৰ উন্নয়নৰ বাবে কোনাে গুৰুত্ব প্রদান নকৰিলে। ইংৰাজৰ দিনত আমদানি আৰু ৰপ্তানীৰ বাবে ধুবুৰী চহৰ বিখ্যাত আছিল। কংগ্ৰেছে পদক্ষেপ গ্রহণ কৰাহেতেন ধুবুৰীক বিশ্বৰ বুকুত উজলাই তুলিব পাৰিলেহেঁতেন। কংগ্ৰেছে অবহেলা আৰু গুৰুত্ব প্রদান নকৰা বাবে ধুবুৰী পিছপৰি থাকিবলগীয়া হৈছিল। নৰেন্দ্ৰ মােদীয়ে ২০১৪ চনত যেতিয়া প্রধানমন্ত্ৰীৰ দায়িত্ব ল’লে তেতিয়াৰে পৰা এই অঞ্চলৰ ইতিহাস অধ্যয়ন কৰি অঞ্চলটোৰ যাতায়ত আৰু যােগাযােগ ব্যবস্থা উন্নত কৰাৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে।

আৰু পঢ়কঃ ডুমডুমাত পথ দুৰ্ঘটনাত কংগ্ৰেছী নেতাৰ মৃত্যু

এই ধুবুৰীতে আবাসিক বিদ্যালয়, কন্যা মহাবিদ্যালয়ৰ দৰে বহু বিকাশমুখী পদক্ষেপ গ্রহণ কৰাৰ লগতে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ দীঘল ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। জিলাখনৰ সামগ্রিক বিকাশ সম্ভৱ কৰি তােলাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শাসনভাৰ লােৱাৰে পৰা শক্তিশালী পদক্ষেপ গ্রহণ কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ পিছতে গােলােকগঞ্জত বিজেপিৰ প্রার্থী অশ্বিনী ৰায় সৰকাৰৰ সমৰ্থনত আয়ােজিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বিশ্ববীৰ চিলাৰায় কলাক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে এইগৰাকী বীৰৰ নামেৰে বিশ্ববিদ্যালয় নির্মাণৰ দিশতাে পদক্ষেপ লৈছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যােৱা পাঁচ বছৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আন্তৰিকতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে অসমত শান্তি সম্ভৱ হৈছে।

আৰু পঢ়কঃ মানকাচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মহিলা সকলে ঘৰে ঘৰে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ

কংগ্রেছৰ শাসনকালত সদায়ে অশান্তি সৃষ্টি হৈছিল। ধর্ম-ভাষাৰ নামত সংঘাতৰ সৃষ্টি কৰি নিৰীহ লােকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল কিন্তু বিজেপি চৰকাৰৰ দিনত কোনাে নিৰীহ লােকে মৃত্যুক সাৱটি ল’বলগীয়া হােৱা নাই। সকলাে ধৰ্মৰ লােকে আজি মিলাপ্ৰীতিৰে বসবাস কৰি আছে। সকলােৱে নিজৰ নিজৰ কাম কৰিবলৈ এক সুস্থ গণতান্ত্রিক বাতাবৰণ লাভ কৰিছে। এয়া চৰকাৰখনৰ সফলতাৰ প্রতিচ্ছবি। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকালৈকে সংখ্যাগুৰু আৰু সংখ্যালঘু সকলােৱে সুৰক্ষিত হৈ থাকিব। এইখন চৰকাৰে কোনাে সম্প্রদায়ৰ লােকক অনাদৰ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰখনে সকলােকে সম্মান প্রদর্শন কৰিছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সকলােবােৰ আঁচনিৰে সুবিধা সকলােৱে সমানে লাভ কৰিবলৈ সমর্থ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

প্রথম পর্যায়ৰ নিৰ্বাচনত সকলােতে বিজেপিয়ে জয় লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত পুনৰ বিজেপি চৰকাৰ হােৱাটো নিশ্চিত। বিশ্ববীৰ চিলাৰায়ৰ আদৰ্শৰে আমাৰ মাজত সমন্বয়, ভাতৃত্ববােধ গঢ় দিব লাগিব। কংগ্ৰেছ, এআইইউডিএফৰ দৰে অপশক্তিয়ে অসমত শান্তি আনিব নােৱাৰে। অসমক ভাৰতৰ এখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তােলাৰ বাবে বিজেপিয়ে সকলােকে লগত লৈ কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মহিলাসকলক আগুৱাই নিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত প্ৰতিটো আত্ম-সহায়ক গােটে ৫০ হাজাৰ টকাকৈ লাভ কৰিব বুলিও কয়। অৰুণােদয় আঁচনিৰ জৰিয়তে বর্তমান ৮৩০ টকাকৈ লাভ কৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে ৩০ লাখ মহিলাৰ একাউণ্টত ৰাজ্য চৰকাৰে ৩ হাজাৰ টকাকৈ আগবঢ়াব।

মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যােজনাৰ অধীনত বর্তমান ৫ হাজাৰ টকাকৈ লাভ কৰিছে। আগন্তুক সময়ত প্ৰতিগৰাকী কৃষকে ৫ হাজাৰ টকাৰ পৰিৱর্তে ১০ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক দিনত চৰকাৰখনে ৰাজ্যখনৰ ১০ লাখ যুৱক-যুৱতীক নিয়ােজনৰ সুবিধা প্রদান কৰিব। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূর্ব বিলাসীপাৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্রার্থী আশােক সিংঘীৰ সমর্থনিত অনুষ্ঠিত আন এখন বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি কয় যে বিগত ৫ বছৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে সকলাে জাতি-জনগােষ্ঠীৰ জনসাধাৰণৰ কল্যাণৰ বাবে সমদৃষ্টিৰে কাম কৰি আহিছে। কংগ্ৰেছে দীঘলীয়া শাসনকালত অসমৰ জনসাধাৰণে বহুধৰণৰ অত্যাচাৰৰ সম্মুখীন হ’বলগীয়া হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বর্তমান বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰখনে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সার্বজনীন নীতি আৰু আদৰ্শৰে ৰাজ্যখনৰ বুকুত বসবাস কৰা সকলাে শ্ৰেণীৰ জনসাধাৰণৰ মাজত শান্তি আৰু সমন্বয়ৰ এক পৰিৱেশ নির্মাণত সফল হৈছে বুলি কয়।

বৰ্তমানৰ চৰকাৰখনৰ ৰাইজৰ প্রতি আস্থা আৰু ভক্তি আছে বুলি উল্লেখ কৰি এই চৰকাৰৰ কাৰ্যকালত সংখ্যালঘু নিসাধাৰণৰ ওপৰত অত্যাচাৰৰ কোনাে ঘটনা সংঘটিত হােৱা নাই বুলিও তেওঁ কয়। বৰ্তমানৰ চৰকাৰখনে কেন্দ্রীয় বা ৰাজ্য চৰকাৰৰ সকলাে আঁচনিৰ সা-সুবিধাৰ পৰা কাকো বঞ্চিত কৰা নাই বুলিও মুখ্যমন্ত্ৰীয়ে কয়। চৰকাৰখনে অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিককে মাটিৰ পট্টা প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে গােৰীপুৰ, পশ্চিম বিলাসীপাৰা, চিদলী আৰু মুছলপুৰত অনুষ্ঠিত আন নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল পৰিমাণৰ ভােটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply