মানকাচৰ – অসম বিধানসভাৰ নিৰ্বাচনৰ আসন বুজাবুজিক লৈ পুনৰ মহাজোঁটত আউল লগাৰ খবৰ পোৱা গৈছে। এআইইউডিএফে এক পক্ষীয়ভাৱে প্ৰায় ৩২ টা সমষ্টি দাবী কৰাৰ লগতে কংগ্ৰেছৰ দখলত থকা মানকাচৰ, সৰুক্ষেত্ৰীকে ধৰি কেইবাটাও সমষ্টি দাবী কৰাক লৈ ৰাজ্যৰ বিভিন্ন ঠাইত কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি কংগ্ৰেছে মহাজোঁটত থকা এআইইউডিএফক ১৪ খনৰ অধিক আসন এৰি নিদিয়ে। এনে পৰিস্থিতিৰ মাজত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা যিকোনো মুহুৰ্তৰ ভাঙিব পৰাৰ সম্ভাৱনাই দেখা দিছে।

ইফালে মানকাচৰ সমষ্টিত যোৱা ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনতেই এআইইউডিএফ পৰাস্ত হৈছিল কংগ্ৰেছৰ হাতত। এই ক্ষেত্ৰত কিহৰ ভিত্তিত মানকাচৰ সমষ্টি এআইইউডিএফক এৰি দি কংগ্ৰেছক টিকটৰ পৰা বঞ্চিত কৰা হয় তাক লৈ মানকাচৰত কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছী সকলে দাবী কৰা মতে পঞ্চায়ত আৰু লোকসভাৰ ক্ষেত্ৰত প্ৰতিবাৰে কংগ্ৰেছৰ ফলাফল বেয়া হ’লেও বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ সদায় ভাল ফলাফল দেখুৱাই আহিছে সমষ্টিটোত। এই ক্ষেত্ৰত মানকাচৰ এআইইউডিএফক এৰি দিলে মানকাচৰ সমষ্টিত কংগ্ৰেছৰ অস্তিত্ব হেৰুৱাই যাব বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

সমষ্টিটোৰ বৰ্তমানৰ কংগ্ৰেছ দলৰ বিধায়ক মতিউৰ ৰহমান মণ্ডলে টিকটৰ বাবে গুৱাহাটীত বাহৰ পাতি থকাৰ লগতে হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মী সকল গুৱাহাটীত টিকটৰ বাবে অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে। টিকট এআইইউডিএফক দিয়া হ’ব বুলি একাংশ সংবাদ মাধ্যমত খবৰ ওলোৱাৰ পাছত কংগ্ৰেছ কৰ্মী সকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আনুষ্ঠানিকভাৱে এআইইউডিএফক মানকাচৰ সমষ্টি এৰি দিলে বিধায়ক মতিউৰ ৰহমান মণ্ডলসহ ৫০ হাজাৰ কংগ্ৰেছ কৰ্মী দল ত্যাগ কৰিব পাৰে বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে।

এই ক্ষেত্ৰত মহাজোঁট বন্ধন মানকাচৰ আসন এআইইউডিএফক এৰি দিয়ে নে সমষ্টিটো কংগ্ৰেছৰ দখলত ৰাখে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব। আন এক সূত্ৰ মতে কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টিকে ধৰি একাংশ সমষ্টিত কংগ্ৰেছী সকলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী জনাইছে। এনে পৰিস্থিতিত মহাজোঁট বন্ধনত আউল লগা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত মহাজোঁটৰ পৰা ওলাই যাব পাৰে এআইইউডিএফ। পিছে আনুষ্ঠানিক সিদ্ধান্ত নোহোৱালৈ কোনো কথা স্পষ্ট নহয় বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply