গুৱাহাটী: মহাজোঁটৰ মাজত চলি থকা অসন্তোষ্টি সংবাদমেল পাতি মুকলি কৰিলে মহাজোঁটৰ মূল সুত্ৰধাৰ অজিত কুমাৰ ভূঞাই | মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হোৱা সময়তো দেওবাৰে দিনৰ ভাগলৈকে দলটোৱে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰা বিষয়টোক লৈ কংগ্ৰেছক মুকলি ভাবে সমালোচনা আঞ্চলিক গণ মৰ্চাৰ নেতা গৰাকীৰ | আজিলৈকে মিত্ৰজোঁটৰ সকলোৱে নিজৰ মত দাখিল কৰাৰ পিছতো সমন্বয়ৰক্ষী কমিটি এখন গঠন কৰাত গুৰুত্ব নিদিলে | কংগ্ৰেছৰ প্ৰথম খন তালিকাৰ কথা উল্লেখ কৰি কয়, বিজেপিক পৰাস্ত কৰিব পৰা জোখেৰে প্ৰাৰ্থী বাচনি কৰাত ব্যৰ্থ হৈছে কংগ্ৰেছ | মহাজোঁট গঠনৰ সময়তে কংগ্ৰেছৰ আগৰ চৰিত্ৰ সলনি কৰিবব বাবে কোৱা হৈছিল কিন্তু সেইটো সলনি নহ’ল |
আঞ্চলিক গণ মৰ্চাৰ ফালৰ পৰা প্ৰাৰ্থীত্বৰ বাবে বিশেষ বিচৰা নাছিল যদিও দলটোৱে বিচৰা আসন কেইখনো দিয়াত আগ্ৰহ প্ৰকাশ নকৰিলে কংগ্ৰেছে | বটদ্ৰৱাত লাচিত বৰদলৈ আৰু বোকাখাত সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব বিচাৰিছিল | কিন্তু কংগ্ৰেছে বটদ্ৰৱাত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছে শিবামণি বৰা নামৰ যি গৰাকীক প্ৰাৰ্থিত্ব দিলে টাৰ পৰিচয়েই নাই বুলি মন্তব্য কৰে ভূঞাই | ইতিমধ্যে আঞ্চলিক গণ মৰ্চাৰ ফালৰ পৰা লাচিত বৰদলৈক বন্ধুত্বমূলক ভাবে প্ৰতিদ্বন্দিতা কৰোৱাৰ সিদ্ধান্ত লৈছে, কাইলৈ মনোনয়ন দাখিল কৰিব বৰদলৈয়ে | ইয়াৰ বিপৰীতে বোকাখাত সমষ্টি সম্পৰ্কে এতিয়াও কংগ্ৰেছে প্ৰাৰ্থিত্ব ঘোষণা নকৰাত তেওলোকৰ সমৰ্থিত প্ৰাৰ্থী প্ৰনব দলেই প্ৰাৰ্থীত্ব দাখিল কৰিব সোমবাৰে |
আজিলৈকে নূন্যতম কাৰ্যসূচী এখনো প্ৰকাশ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি অজিত ভূঞাই কয়, কংগ্ৰেছৰ বৰ্তমান সময়ত শক্তিশালী ভেঁটি নথকা ৪/৫টা মান সমষ্টিত আঞ্চলিক গণ মৰ্চাই প্ৰাৰ্থিত্ব বিচাৰিছিল পিছলৈ গৈ সেই তালিকা দুটালৈকে কমিছিল যদিও কংগ্ৰেছে তাক কাৰ্যকৰী নকৰিলে |
এআইইউডিএফ সৈতে আসন ভাগ বাটোৱাৰাক লৈ কংগ্ৰেছৰ সমস্যা হোৱাৰ বাবেই তালিকা চূড়ান্ত কৰিব নোৱাৰা বুলি উল্লেখ কৰে ভূঞাই |এআইইউডিএফৰ ফালৰ পৰা ২১ খন আসন বিচাৰিছে যদিও কংগ্ৰেছে ১৪ খন আসনহে এৰি দিবলৈ মান্তি হৈছে |পাঁচ খনত বন্ধুত্বমুলক ভাবে অংশ ল’ব দুয়োটা দলে দুখন এতিয়াও মীমাংসা হোৱা নাই |
নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থিত্ব চূড়ান্ত নৌহওতেই এনেদৰে বিগ ব্ৰাডাৰ ৰূপী কংগ্ৰেছৰ ভুমিকাক লৈ ক্ষোভ উজাৰি সংবাদমেল পাতি আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভূঞাই কৰা বক্তব্যই মিত্ৰজোঁটৰ ভিতৰত প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাতৰ ছবিখনেই স্পষ্ট হয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply