তিতাবৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হোৱা ভাস্কৰ জ্যোতি বৰুৱা

তিতাবৰ: তিতাবৰ সমষ্টি দীৰ্ঘকাল ধৰি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত । এইবাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰী হিচাপে বিশিষ্ট চাহ খেতিয়ক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ভাস্কৰ জ্যোতি বৰুৱাই মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে।


প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পিছত এইবাৰ কাক তিতাবৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব তাক লৈ ব্যাপক জল্পনা-কল্পনা চলি আছিল । কিন্তু এই সকলোবোৰ উৎকণ্ঠা অৱসান ঘটাই সাংসদ গৌৰৱ গগৈয়ে তিতাবৰ তাঁতী গাৱৰ ভাস্কৰ বৰুৱাৰ নাম প্ৰক্ষেপ কৰে । বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে তিতাবৰ ব্লক কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰে । উল্লেখযোগ্য যে , উদ্ভিদ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰা ভাস্কৰ বৰুৱাই বন বিভাগৰ চাকৰি ত্যাগ কৰি কৃষিত মনোনিবেশ কৰি এগৰাকী বিশিষ্ট চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।


বৰ্তমান সময়ত বৰহোলা, পানবাৰীকে ধৰি ৯ খনকৈ বিশাল চাহ বাগিচাৰ স্বত্তধিকাৰ ভাস্কৰ জ্যোতি বৰুৱা ।তিতাবৰ অঞ্চলৰ এজন সুদক্ষ ক্ৰীড়া সংগঠক হিচাবেও । তিতাবৰ ক্ৰীড়া বিকাশৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা বৰুৱাই বৰ্তমান তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ সভাপতিৰ দায়িত্ব বহন কৰি আছে । যোৱা সময়চোৱাত তৰুণ গগৈৰ ছাঁ দৰে তেওৰ তিতাবৰলৈ গ’লে জড়িত আছিল ভাস্কৰ জ্যোতি বৰুৱা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply