গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন। ভোট গ্ৰহণৰ মাজত দুটা দিন থকা অৱস্থাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিলে। নিজ নিজ ধৰ্মস্থলীলৈ গৈ পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সকলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গহপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰিপুন বৰাও পাঁচ গেৰাণ্টি পূৰ্ণৰ সংকল্প গ্ৰহণ কৰিলে মন্দিৰত।

আৰু জানিবলৈ পঢ়কঃ‘কা’ৰ সন্দৰ্ভত বিজেপি দিশহাৰা হৈছেঃকংগ্ৰেছ

আজি সন্ধিয়া ৬ বজাৰ পৰা অন্ত পৰিব অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ অন্তিমটো দিনা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপি দলৰ লগতে বিৰোধী দল সমূহে অন্তিম দিনা ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ দলে আজি পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে।

প্ৰচাৰ চলাই থকাৰ মাজতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে নিজ নিজ ধৰ্মস্থলীত গৈ পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গহপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰিপুন বৰাও পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্পৰে উপস্থিত হয় মন্দিৰত। মন্দিৰত ভগৱানৰ ওচৰত সেৱা জনাই ৰিপুন বৰাই কয় যে আমি চৰকাৰ গঠন কৰাৰ পিছত আমাৰ পাঁচ গেৰাণ্টি পূৰ্ণ কৰিম আৰু ইয়াৰ বাবে আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে নিজ নিজ ধৰ্মস্থলীত উপস্থিত হৈছে।

আৰু জানিবলৈ পঢ়কঃপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰূপন কৰিব প্ৰায় ৮১ লাখ ভোটাৰে

ৰিপুন বৰাই লগতে কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰথম পৰ্যায়ৰ ৪৭ খন আসনৰ ভিতৰত অধিক সংখ্যক আসনত বিজয় হৈছিল যদিও এইবাৰ অধিক সংখ্যক আসনত বিজেপিয়ে মুখ ঠেকেচা খাব। কংগ্ৰেছৰ দলে এই ৪৭ খন আসনৰ ভিতৰত ৩০ খন আসনত সাফল্য লাভ কৰাৰো সম্ভাৱনা আছে বুলি মন্তব্য কৰে ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply