কংগ্ৰেছৰ বৰাক ভেলীৰ বাবে কা প্ৰত্যাহাৰৰ গেৰান্টী নাই

নিউজ ডেস্ক: ভোটাৰক প্ৰলোভিত কৰিবলৈ ৰাজনৈতিক দল সমূহৰ বিভিন্ন প্ৰতিশ্ৰুতি বোৰ যে এক প্ৰকাৰ বহুৱালী তাকেই প্ৰমান হৈছে দল সমূহৰ নিজৰেই কাৰ্যত । এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা পাঁচটা গেৰান্টী লৈ ভোটাৰৰ কাষ চাপিছিল দলটো । গৃহিনীক প্ৰতিমাহে ২০০০ কৈ টকা, ৫ লাখ চৰকাৰী চাকৰি, চাহ শ্ৰমিকক দৈনিক ৩৬৫ টকাকৈ ভাট্টা, প্ৰতিমাহে ২০০ ইউনিট বিজুলীৰ মাচুল বিনামূলীয়াকৈ আৰু কা বাতিল এই পাঁচটা গেৰান্টীৰে প্ৰচাৰ চলাইছিল । কিন্তু আশ্চয্যজনক ভাবে দলটোৱে বৰাকভেলীত কা বাতিলৰ বিষয়টো এবাৰো নুলিয়ালে ।

বৰাকৰ কংগ্ৰেছী নেতা সুস্মিতা দেবেও মুকলি ভাবে কা সমৰ্থন কৰিলে যদিও দলীয় নেতৃত্বই একো কোৱাৰ সাহস গোটাব নোৱাৰিলে । একেখন অসমতে দলটোৰ এই দুমুখীয়া স্থিতিক লৈ বিজেপিয়ে তীব্ৰ সমালোচনা কৰি আহিছে । বৰাক উপত্যকাৰ পৰা প্ৰকাশিত বাতৰি কাকত সমূহতো কা বাতিলৰ বিষয়টো আতৰাই চপা কৰালে বিজ্ঞাপন ।
ব্ৰহ্মপুত্ৰ উপত্যাকাৰ কাকতত ৫ টা গেৰাণ্টি দিয়া কংগ্ৰেছে বৰাক উপত্যাকাত ৪টা গেৰাণ্টি দিছে, ’কা’ বাতিলৰ গেৰাণ্টিতো বৰাকৰ বিজ্ঞাপনত নাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply