তেজপুৰৰ জনসভাত প্ৰিয়ংকা গান্ধী

তেজপুৰ – তেজপুৰত অনুষ্ঠিত এখন বিশাল জনসভাত, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ২০২১ চনৰ অসম বিধানসভাৰ বাবে কংগ্ৰেছ দলৰ ‘৫ গেৰাণ্টি’ অভিযানৰ শুভ উদ্ধোধন কৰে।

দলে এই নিৰ্বাচনৰ বাবে পাঁচটা “গেৰাণ্টি”ৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছে। সেইকেইটা হ’লঃ এখন আইন প্ৰণয়ন কৰা যিখনে কা-আইন অৰ্থহীন কৰিব; ৫ লাখ চৰকাৰী চাকৰি; চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বঢ়োৱা; প্ৰতিটো পৰিয়ালক ২০০ ইউনিটলৈ বিনামূলীয়া বিজুলী যোগান; আৰু সকলো গৃহিণীকে আয়ৰ সমৰ্থন হিচাপে প্ৰতি মাহে ২০০০ টকাকৈ দিয়া।

“এই নিৰ্বাচন হ’ল বিশ্বাসৰ নিৰ্বাচন। অসমৰ ৰাইজক এটা দলে পাঁচ বছৰৰ আগতে ২৫ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে, সেই প্ৰতিশ্ৰুতি পূৰণ নকৰি আৰু তাৰ ঠাইত কা আনিলে । কংগ্ৰেছ চৰকাৰে কোনো ভুৱা প্ৰতিশ্ৰুতি দিয়া নাই, দিছে ৫ টা গেৰাণ্টি,” নিজৰ ভাষণ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে এইদৰে কয়।

এই ৫ টা গেৰাণ্টিৰ আঁৰৰ যুক্তিযুক্ততা ব্যাখ্যা কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী ৰিপুন বৰাই কয় যে “অসম বচাওঁ আহক” যাত্ৰাৰ জৰিয়তে ৰাইজে মুখামুখি হোৱা প্ৰধান সমস্যাবোৰ দলে চিনাক্ত কৰিছিল আৰু এতিয়া দলে সেইবোৰ সমস্যাৰেই সমাধান ৰাইজৰ আগত কৰযোৰে নিবেদন কৰিছে।

দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কমিটীৰ মুৰব্বী প্ৰদ্যুৎ বৰদলৈয়ে প্ৰথমটো গেৰাণ্টি ব্যাখ্যা কৰি কয়, অসম বিধানসভাত অনা এখন আইনৰদ্বাৰা কা-আইন অৰ্থহীন কৰা হ’ব। “অহা ২ মেত কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত, আমি অসম বিধানসভাত এখন আইন অনুমোদিত কৰোৱাম যিখনে অসমত কা ৰূপায়ণ কৰিবলৈ অনুমতি নিদিব। এনে এখন বিধেয়কৰ খচৰা প্ৰস্তুত কৰিবলৈ আমি ইতিমধ্যে অধিবক্তাসকলক কৈছোঁ,” বুলি বৰদলৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

দলে দিয়া ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টিৰ কথা ব্যাখ্যা কৰি, লোকসভাৰ সাংসদ আৰু দলৰ নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে ৰাখিব নোৱৰা ২৫ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিৰ ঠাইত দলে দিছে মাত্ৰ ৫ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি। “আমি ৰাজ্যৰ বাজেট অধ্যয়ন কৰিছোঁ আৰু অৰ্থনীতিবিদসকলৰ সৈতে আলোচনা কৰিছোঁ আৰু এই সিদ্ধান্তলৈ আহিছোঁ যে শ্ৰেষ্ঠ সম্ভাৱনাটো হ’ল ৫ বছৰত ৫ লাখ চৰকাৰী চাকৰি। যিহেতু এইটো এটা গেৰাণ্টি, কোনো অন্তঃসাৰশূন্য প্ৰতিশ্ৰুতি নহয়, সেয়েহে আমি সততাৰে কাম কৰিব খুজিছোঁ আৰু এনেকুৱা এটা অংক দিব খুজিছোঁ যিটো প্ৰকৃত অৰ্থত সম্ভৱ,” গগৈয়ে কয়। তেওঁ লগতে কয় যে, আসন্ন কংগ্ৰেছ চৰকাৰে ব্যক্তিগত খণ্ডৰ চাকৰিৰ ক্ষেত্ৰত আৰু অসম চৰকাৰে ব্যক্তিগত খণ্ডক দিয়া ঠিকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰি ব্যক্তিগত খণ্ডতো ২৫ লাখ চাকৰি সৃষ্টি কৰিব।

অসম বিধানসভাত বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াই এই কথা জোৰ দি কয় যে কংগ্ৰেছ চৰকাৰে শাসনভাৰ লোৱাৰ ৩০ দিনৰ ভিতৰতে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব। তেওঁ কয় যে এই গেৰাণ্টি ইতিমধ্যে ৰাহুল গান্ধীয়ে দি থৈ গৈছে। শইকীয়াই কয়, “আমি চাহ ব্যৱসায়ৰ স্থিতি অধ্যয়ন কৰিছোঁ আৰু আমি ভাবো যে যদি কেৰালাত চাহ শ্ৰমিকে দিনে ৩৮০ টকাকৈ পায়, তেন্তে কঠোৰ পৰিশ্ৰমী অসমৰ চাহশ্ৰমিকসকলেও অতি কমেও ৩৬৫ টকাকৈ পাব পাৰে। চাহ খেতিয়ক সকলে সহজেই এইটো সম্ভৱ কৰিব পাৰিব আৰু আমি এইটো ৩০ দিনৰ ভিতৰতে হোৱাটো সুনিশ্চিত কৰিম।”

জনসম্পৰ্ক কমিটীৰ অধ্যক্ষ, ৰকিবুল হুচেইনে কয় যে কংগ্ৰেছে ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া কৰাৰ গেৰাণ্টি দিবলৈ ঠিক কৰিছে, যাতে মূল্যবৃদ্ধিত জুৰুলা হোৱা অসমৰ ৰাইজক কিছু পৰিমাণে হ’লেও সকাহ দিব পৰা যায়। “২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া কৰাৰ অৰ্থ হ’ল আপোনাৰ বিজুলীৰ বিলত প্ৰতি মাহে ১,৪০০ টকা ৰাহি কৰা। অসমৰ বেছিভাগ লোকৰ ক্ষেত্ৰতেই ইয়াৰ অৰ্থ হ’ব শূন্য বিজুলীৰ বিল। আমি ভাবো যে এনে ধৰণৰ সহায় গুৰুত্বপূৰ্ণ কাৰণ শাক-পাচলিৰ পৰা আৰম্ভ কৰি ডিজেললৈকে সকলো বস্তুৰে মূল্য উৰ্ধমুখী হৈছে,” বুলি তেওঁ মন্তব্য কৰে।

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে, পঞ্চমটো গেৰাণ্টিৰ কথা উল্লেখ কৰি গৃহিণীসকললৈ মাহিলি ২,০০০ টকাকৈ দিয়া হ’ব বুলি ঘোষণা কৰে। তেওঁ ব্যাখ্যা কৰে, “মহিলাসকলে নিজৰ ‘কাম’ বুলি ভবা কৰা কামবোৰক সমাজে বহু সময়ত স্বীকৃতি নিদিয়ে। মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে পাকঘৰৰ কাম কৰে, ঘৰখন পৰিষ্কাৰ কৰি ৰাখে, সন্তানক ডাঙৰ-দীঘল কৰে। আমি আশা কৰোঁ ২,০০০ টকাৰ মাহিলি সমৰ্থনে, ঘৰখন বেছি ভালকৈ চোৱা-চিতা কৰাত আৰু উচ্চ মুদ্ৰাস্ফীতিৰ এই সময়ত নিজৰ বাবেও খৰচ কৰাত তেওঁলোকক সহায় কৰিব।”

অসমৰ দায়িত্বত থকা কংগ্ৰেছ সাধাৰণ সম্পাদক, জিতেন্দ্ৰ সিঙে কয়, কংগ্ৰেছৰ হাতত আছে পাঁচটা আঙুলি আৰু এই পাঁচটা আঙুলিৰ প্ৰতিটোৱেই কংগ্ৰেছৰ এটা গেৰাণ্টি বুজায়। “এই নিৰ্বাচনত কংগ্ৰেছৰ সপক্ষে অহা ঢৌ ক্ৰমাৎ প্ৰবল হৈ গৈ আছে। সেই কাৰণেই ইমানবোৰ দলে কংগ্ৰেছ-নেতৃত্বাধীন মহাজোঁটত যোগদান কৰিছে। অসমত ৰজা পাতোতা হিচাপে পৰিচিত, বড়োলেণ্ড পিপলছ ফ্ৰণ্টও আমাৰ লগ লাগিছে কাৰণ তেওঁলোকে বুজি পাইছে জয় কাৰ হ’ব,” জিতেন্দ্ৰ সিঙে কয়।

পৰৱৰ্তী এমাহত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কেন্দ্ৰীয় গুৰুত্ব হ’ব প্ৰতিগৰাকী ভোটাৰক কংগ্ৰেছৰ এই ৫ টা গেৰাণ্টিৰ বিষয়ে সচেতন কৰি তোলা আৰু ইয়াৰ প্ৰতিটোৰে ৰূপায়ণসাধ্যতাৰ কথা ৰাইজক বুজাই দিয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply