প্ৰিযংকা গান্ধী

নিউজ ডেস্ক: অহা ১ মার্চত অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিব | সেইদিনাই তেওঁ লখিমপুৰ জিলাত সোৱণশিৰিৰ এখন গাঁৱত স্থানীয় ৰাইজ আৰু নিবনুৱাসকলৰ সৈতে এক মত বিনিময় কার্যসূচীত অংশগ্রহণ কৰিব৷
তাৰ পাছতেই তেওঁ লেতেকুপুখুৰীস্থিত মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ জন্মস্থানলৈ যাব৷
২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।
উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।
তেজপুৰত এখন জনসভাতো অংশগ্রহণ কৰিব৷ কংগ্রেছ নেত্রী গান্ধীয়ে এই ভ্রমণ সূচীতেই দলৰ ১০খন জিলাৰ জিলা পর্যায়ৰ নেতৃত্বৰ সৈতেও এখন বৈঠকত মিলিত হোৱাৰ কথা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply