দিনক দিনে বৃদ্ধি হৈছে কংগ্ৰেছৰ গেৰান্টিৰ সংখ্যা

নিউজ ডেস্ক: দিনজোৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৰাহুল গান্ধীয়ে এইবাৰ দিলে কংগ্ৰেছৰ ছয় নম্বৰটো গেৰাণ্টি ।প্ৰিয়ংকা গান্ধীয়ে ঘোষণা কৰা পূৰ্বৰ ৫ গেৰাণ্টিক লৈ কংগ্ৰেছে প্ৰচাৰ আৰম্ভ কৰাৰ পিছত এইবাৰ বৰক্ষেত্ৰীৰ নিৰ্বাচনী সভাত ছয় নম্বৰ গেৰাণ্টিৰ কথা ঘোষণা কংগ্ৰছৰ যুৱৰাজৰ । ৰাহুল গান্ধীয়ে ক’লে, “কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’লে অসমক অসমৰ পৰা চলাব, দিল্লীৰ পৰা নচলাই৷”

নজৰুল ইছলামৰ নিজাববীয়াকৈ গেৰান্টী

কাইলৈ ভোটদান হ’ব লগা লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নজৰুল ইছলামে নিজাববীয়াকৈ আৰম্ভ দিছে আন এক গেৰান্টী । দীৰ্ঘদিন ধৰি সমষ্টিটোৰ বিধায়ক হৈ থকা নজৰুল ইছলামে সমষ্টিটোৰ উন্নয়নলৈ পিঠি দিয়াৰ বাবে ৰাইজৰ ৰোষত পৰাত নিজাববীয়াকৈ দিছে গেৰান্টী । “মোক ভোট দিলেই পাব দুহাজাৰ টকা, চেকৰ দৰে বিলাইছে কংগ্ৰেছী প্ৰাৰ্থী জনৰ গেৰাণ্টি কাৰ্ড
লাহৰিঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামে ভোটাৰক আভুৱাভাৰি সমষ্টিৰ নিৰক্ষৰ ভোটাৰক এইদৰে আন এক গেৰাণ্টিৰ ভেল্কিবাজিৰ ৰচনা কৰিছে।

আৰু পঢ়কঃ কংগ্ৰেছ, এআইইউডিএফৰ দৰে অপশক্তিয়ে অসমত শান্তি আনিব নােৱাৰে : মুখ্যমন্ত্রী

সমষ্টিটোৰ একাংশ নিৰক্ষৰ ভোটাৰে পাঁচ গেৰাণ্টিৰ কাৰ্ডখন চেকৰ দৰে ৰাখিছে। বিধায়ক গৰাকীয়ে প্ৰচাৰ কৰিছে নিৰ্বাচনৰ পাছতে কাৰ্ডখন জমা দিলে তেওঁলোকে দুহেজাৰকৈ টকা লাভ কৰিব। নজৰুল ইছলামে এনেদৰে পাঁচ গেৰাণ্টিৰ কাৰ্ড চেকৰ দৰে নিৰক্ষৰ জনতাৰ মাজত বিতৰণ কৰি কিমান সফল হয় সেইয়া লক্ষ্যণীয় হ’ব।

ৰমেন বৰঠাকুৰৰ সংবাদমেল

জালুকবাৰী সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ ,’মোক হিমন্তৰ মানুহে মনোনয়ন প্ৰত্যাহাৰৰ বাবে প্ৰস্তাৱ দিছিল ৷ বিনিময়ত যি লাগে তাকেই দিম বুলি কৈছিল ৷ লাগিলে ৰাজ্যসভালৈ পঠিওৱাৰো প্ৰস্তাৱ দিছিল ৷ হিমন্তই সকলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে। কিন্তু মোক নোৱাৰিলে ৷ মই তেওঁৰ প্ৰস্তাৱ নামানিলো ৷” কোনে দিছিল এই প্ৰস্তাব সেই সম্পৰ্কত বৰঠাকুৰৰ কৌশলী উত্তৰ, “প্ৰস্তাৱ দিয়া নেতাৰ নাম ৰাজহুৱা নকৰে, মানহানি গোচৰ তৰিলেহে তথ্যবোৰ ৰাজহুৱা কৰিম।”

আৰু পঢ়কঃ ডুমডুমাত পথ দুৰ্ঘটনাত কংগ্ৰেছী নেতাৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply