শিৱসাগৰ: আজি শিৱসাগৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ উজনি অসমৰ মাণ্ডলিক সভা।
উজনি অসমৰ ১০ খন জিলাৰ নেতা-পদৱীধাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে।
ভূপেন বৰাই আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভত দলীয় স্থিতি মুকলি কৰি কয় যে বিজেপিৰ অপশাসনৰ সময়ত পৌৰ ভোটাৰ সকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰিলে সকলোতকৈ বেছি লাভৱান হ’ব। কিয়নো লেথাৰিকৈ নিৰ্বাচনত জয়ী হোৱা বিজেপি দল অহংকাৰী হৈ পৰিছে। এনে অৱস্থাত যদি পৌৰ ভোটাৰ সকলে বিজেপি দলৰ প্ৰাৰ্থী জয়ী কৰাই তেন্তে পৌৰ নিকায় সমূহত এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ বিপৰীতে যদি কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয় তেন্তে সেই সকল পৌৰ সদস্যই প্ৰতিটো টকা ৰাইজৰ উপকাৰৰ অৰ্থে ব্যৱহাৰৰ চেষ্টা কৰিব।সেয়েহে এইবাৰৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী কৰিলে ৰাইজ উপকৃত হ’ব।
লগতে পঢ়ক – অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ
আনহাতে ৰাজ্যসভাৰ দুখন আসনৰ ক্ষেত্ৰত এখন আসন বিজেপি দলৰ তৰফৰ পূৰ হ’ব। কিন্তু দ্বিতীয় খন আসনৰ বাবে ইতিমধ্যে বিধান সভাৰ বিৰোধী বিধায়ক সমূহ একত্ৰিত হোৱা বুলি সভাপতি গৰাকীয়ে জানিব দিয়ে।
তেওঁ কয় যে এই বিষয়ত ইতিমধ্যে বিৰোধী বিধায়ক সমূহৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে আৰু এই আলোচনা যোগাত্মক।