গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ৫৫ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে । গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত দলটোৱে ৫৫ টা ৱাৰ্ডৰ কংগ্ৰেছ প্ৰার্থীসকলৰ নাম ঘোষণা কৰিছে ।

বাকী থকা ৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি দলটোৱে ঘোষণা কৰিছে।দিনত ৰঙালী বিহুৰ সাতবিহুৰ পৰম্পৰা মাজতে চৰকাৰে অহা ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰা কাৰ্যৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কাৰ্যসূচীৰ শেষত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । অহা ৩০ মাৰ্চ গুৱাহাটী পৌৰ নিগমৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰিছে । ৪ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন ।

উল্লেখ্য যে, যোৱাখন গুৱাহাটী পৌৰ নিগমৰ ৩১ টা ৱাৰ্ডৰ ১৩ টা ৱাৰ্ড কংগ্ৰেছৰ দখলত আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply