নিউজ ডেস্কঃ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব আৰু ইয়াৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব নে নাই সেয়া আজি স্পষ্ট হ’ব। আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এতিয়ালৈকে দিগ্বিজয় সিং, শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাৰ্গেৰ নাম এই পদৰ বাবে চৰ্চাত আছিল। কিন্তু মনোনয়ন দাখিলৰ পূৰ্বেই দিগ্বিজয় সি নিৰ্বাচনী যুঁজৰ পৰা বাহিৰ হৈ গৈছে।
কংগ্ৰেছৰ প্ৰবীণ ৰাজনীতিবিদ মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে আজি মনোনয়ন দাখিল কৰিব। খাৰ্গে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু নেহৰু-গান্ধী পৰিয়ালৰ অনুগত।
মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে কংগ্ৰেছ সভাপতি পদৰ নিৰ্বাচনী দৌৰৰ পৰা বাহিৰ ওলাই কয়, “মই গোটেই জীৱন কংগ্ৰেছৰ হৈ কাম কৰি আহিছো। খাৰ্গে জী মোৰ জ্যেষ্ঠ। মই কেতিয়াও তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ কথা ভাবিব নোৱাৰো। এতিয়া মই তেওঁৰ প্ৰস্তাৱক হম”।
দিগ্বিজয় সিঙে কয় যে মই তিনিটা বিষয়ত কেতিয়াও আপোচ নকৰো। দলিত, আদিবাসী আৰু দৰিদ্ৰ লোকসকলৰ কথাত। গান্ধী পৰিয়ালৰ প্ৰতি মোৰ নিষ্ঠা আছে। খাৰ্গে জী মোৰ জ্যেষ্ঠ। মই তেওঁৰ ওচৰলৈ গৈছিলো কিন্তু তেওঁ কৈছিল মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰা নাই। কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে মই জানিব পাৰিলোঁ যে খাৰ্গেও এই পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে, সেয়েহে আজি তেওঁক এবাৰ লগ পালো।
প্ৰমোদ তিৱাৰীয়ে কয় যে দিগ্বিজয় সিং এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু তেওঁ সিদ্ধান্ত লৈছে যে তেওঁ খাৰ্গেজীৰ প্ৰস্তাৱক হ’ব। মই তেওঁলোকক অভিবাদন জনাইছো। গান্ধী পৰিয়ালে এই নিৰ্বাচনত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল।
উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন আৰু ১৯ অক্টোবৰত এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।