মাজুলী উপনিৰ্বাচন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ভূৱন গামৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই কংগ্ৰেছৰ ফালৰ পৰা সংবাদমেল পাতি অবগত কৰিলে ।
ভূৱন গামৰ দুৰ্নীতি কেলেংকাৰী বাবে মাজুলী বাসীয়ে বানত ডুবিব লগীয়া হৈছিল বুলি অভিযোগ কৰে কংগ্ৰেছে।
সোণাপুৰৰ নাজিৰাখাটত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ দিনত নৰ্থ ইষ্ট ট্ৰাইবেল কালচাৰেল চেণ্টাৰ ২০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল ৷
জনগোষ্ঠীয় সংস্কৃতি আৰু খাদ্য সামগ্ৰীৰ প্ৰদশৰ্ন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্মাণ কৰা হৈছিল চেণ্টাৰটো।
এই চেণ্টাৰটো নিৰ্মাণ কৰিছিল ভূৱন কনষ্ট্ৰাকশ্বন প্ৰাইভেট লিমিটেডে ৷ কালচাৰেল চেণ্টাৰটো ভূৱন গামৰ দ্বিতীয়টো কোম্পানী গাম ডেলিকেচি প্ৰাইভেট লিমিটেডে ১৫ বছৰৰ বাবে লীজত লৈছিল৷৫০ লাখ টকা অগ্ৰীম ধন আৰু মিহে ১.২০ লাখ টকা আদায় দিয়াৰ চুক্তি হৈছিল। ২০১৪ চনৰ ২৭ ফেব্ৰুৱাৰীত এই মিউজিয়াম উদ্বোধন কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷
লগতে পঢ়ক- বৃদ্ধি পালে আমূল গাখীৰৰ মূল্য
এই কোম্পানীৰ সঞ্চালক হিচাপে আছিল সেই সময়ৰ আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰী পত্নী ৰশ্মি নাৰ্জাৰীক ৷ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডত ২০১২ চনৰ ২৪ মে’ৰ পৰা ২০১৯ চনৰ ১৫ মার্চলৈ নিযুক্ত হৈ আছিল সঞ্চালক ৰূপে ৰশ্মি নার্জাৰী।
আনহাতে ভূৱন গাম ডেলিকেচি সঞ্চালক হিচাপে আছিল অংগীনা বৰুৱা ৷ অংগীনা বৰুৱা আছিল আই এছ বিষয়া তথা বৰ্তমানৰ বিজেপি নেতা স্বপ্ননীল বৰুৱা কন্যা ৷
হঠাৎ ২০১৫ চনৰ ১৮ আগষ্টত অগ্নিকাণ্ডত ভষ্মীভূত হয় মিউজিয়াম চেণ্টাৰটো ৷
সেইসময়ৰ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত এম. অংগামুথুৱে এই অগ্নিকাণ্ডৰ তদন্তৰ নির্দেশ দিছিল৷ তদন্তৰ দায়িত্বত আছিল অতিৰিক্ত উপায়ুক্ত ৰাজীৱ প্ৰকাশ বৰুৱা৷কিন্তু সোণাপুৰৰ ট্ৰাইবেল মিউজিয়ামৰ অগ্নিকাণ্ডৰ তদন্ত শেষ হ’লনে নাই তাৰ একো প্ৰতিবেদন আজিলৈকে প্ৰকাশ নহ’ল৷
কংগ্ৰেছে আজি সংবাদমেল পাতি সেই তদন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আগনাবাঢ়িল বুলি অভিযোগ কৰে।
লগতে পঢ়ক- যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যুক সাবটিলে ভাৰতীয় ছাত্ৰই
সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত সোনোৱালৰ ঘনিষ্ঠ সুৰজিৎ সিনহা সোমাল গামৰ কোম্পানীত। বৰ্তমানো সুৰজিৎ সিনহা ভূৱন গাম ডেলিকেচিত আছে ৷
৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চেণ্টাৰটোৰ সকলো টকা পানীত পাৰিল ৷ সাংস্কৃতিক বিভাগৰ বহু কেইগৰাকী লোকক এই নিৰ্মাণৰ সময়ত জড়িত কৰাই গাম কোম্পানীয়ে অবাধ দুৰ্নীতি কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷
সোনাপুৰ ৰাজহচক্ৰ বিষয়া বিপুল কুমাৰ দাসৰ লগতে সাংস্কৃতিক আৰু বৌদ্ধিক মহলৰ বহু লোকক জড়িত হৈছিল ৷
২০১৯ চনৰ ১৫ মার্চত একেটা দিনতে প্ৰাক্তন আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী, স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱা, এচিএছ বিষয়া বিপুল কুমাৰ দাস আৰু ভাস্কৰজ্যোতি পাঠকে গাম ডেলিকেচিৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে ৷ একেটা দিনতে অর্থাৎ ১৫ মার্চ,২০১৯ত ৰশ্মি নার্জাৰীয়ে ভুবন কনষ্ট্ৰাকচনৰ সঞ্চালক পদৰ পৰাও পদত্যাগ কৰে৷
ভুৱন গামক মাজুলীত প্ৰাৰ্থীত্ব দি জনজাতীয় লোক সকলৰ ওপৰত লুণ্ঠন চলোৱা পৰিকল্পনা কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছে ৷
ভূৱন গামৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰা কংগ্ৰেছে আজি বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ নিজৰ শাসন কালত হোৱা দুৰ্নীতিৰ তথ্যহে ৰাজহুৱা কৰে।