শাসকীয় বিজেপি দল আৰু চৰকাৰে নিজকে আটাইতকৈ শক্তিশালী আৰু বৰ্তমান ৰাজ্যত কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই বুলি দম্ভালি মাৰি থকাৰ সময়ত ভয়-ভাবুকি আৰু প্ৰলোভনৰ দ্বাৰাহে পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ সপোন দেখিছে। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

৫৫ লাখ সদস্যৰ থকাৰ কথা কোৱা বিজেপিয়ে মিত্ৰজোঁটকে পৌৰ সভা নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ নামত গিলি পেলাইছে। বিজেপিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ ঘৰলৈ গৈ প্ৰাৰ্থীৰ লগতে পৰিয়ালৰ মানুহক ভাবুকি প্ৰদান কৰিছে।

কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীয়েই স্বেচ্ছাই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। জনসাধাৰণৰ মনৰ উমান পাই বিজেপিয়ে ভোটাৰক বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰমাণ দিলেহে ভৱিষ্যতে চৰকাৰী সুবিধা লাভ কৰিব বুলি সতৰ্ক কৰাৰ অভিযোগ কৰিছে।

ভোটাৰক ম’বাইলত ফটো তুলি আনিবলৈ নিৰ্দেশ দিয়াৰো অভিযোগ কংগ্ৰেছৰ। মনোনয়ন প্ৰত্যাহাৰ কৰাৰ নিৰ্দিষ্ট সময়ৰ আগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ স্বাক্ষৰ সংগ্ৰহ কৰাৰো অভিযোগ কংগ্ৰেছৰ।
ইতিমধ্যে জনসাধাৰণৰ পৰা বিচ্ছিন্ন হোৱা বিজেপি দলৰ লামডিং সমষ্টিৰ বিধায়ক ভাতৃ ছিণ্ডিকেটৰ চৰ্দাৰৰ নেতৃত্বত পৌৰনিৰ্বাচনৰ সময়ত গুণ্ডাৰাজ চলিছে বুলিও কয় ।

নগৰ উন্নয়ন মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক বাহিনীয়ে সকলো ভোটাৰক ভোট দিয়াৰ প্ৰমাণ দিলেহে ভৱিষ্যতে চৰকাৰী সুবিধা লাভ কৰিব বুলি প্ৰচাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত আজি ৰাইজে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিবলৈ অহাটোৱে দলটোৰ আচল স্থিতি প্ৰমান কৰে বুলি কয়।


উত্তৰ গুৱাহাটী, জোনাই, ধেমাজি, উত্তৰ লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, লামডিং, মৰিগাওঁ, হাইলাকান্দি, জামুগুৰিহাট, ঢেকিয়াজুলি কৰে ধৰি বহু ঠাইত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হয় মনোনয়ন বাতিল কৰোৱা হৈছে নতুবা বলপূৰ্বক ভাৱে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে।

কংগ্ৰেছ দলৰ পৰা ৮০ খন পৌৰসভাৰ সৰ্বমুঠ ৯২১ টা ওৱাৰ্ডৰ ভিতৰত ৯০৩ টা বাবে ইচ্ছুক প্ৰাৰ্থীয়ে A আৰু B ফৰ্ম সংগ্ৰহ কৰিছিল যদিও নিজাববীয়াকৈ ৮৫৪টা আৰু স্থানীয় ভাৱে হোৱা আসন বুজাবুজিত ১৮ টা ওৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিব বুলিও কয় অপূৰ্ব ভট্টাচাৰ্যই।

লগতে পঢ়ক – প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply