ৰাজ্যসভা নিৰ্বাচনকলৈ সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ। দলটোৰ সাধাৰন সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকা অতিশয় দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।
নিজকে সৰ্বশক্তিমান বুলি দাবী কৰা মুখ্যমন্ত্ৰী গৰাকী কংগ্ৰেছী বিধায়কৰ ঘৰলৈ যাব লগা হ’ল কিয় বুলি প্ৰশ্ন কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয়, ইয়াৰপূৰ্বে ইমান লজ্জ্বাজনক অৱস্থালৈ কোনো মুখ্যমন্ত্ৰীয়ে যোৱা নাছিল। মুখ্যমন্ত্ৰীৰ পদমৰ্য্যদা লাঘৱ কৰা ব্যক্তি, ক্ষমতাৰ নামত মতলীয়া মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত গণতন্ত্ৰক ভেঙুচালি কৰা হৈছে।
উমৈহতীয়াভাৱে বিৰোধী পক্ষই ৰিপুন বৰাক প্ৰাৰ্থী হিচাবে মনোনীত কৰি প্ৰতিদ্বন্দিতা নামিছে।
শাসকীয় বিজেপি দলে যিমানেই প্ৰলোভনৰ ৰাজনীতি নকৰক কিয় বিজেপি বিৰোধী ভোটৰ বিভাজন নহয় আৰু আমি জিকিমেই বুলি সংবাদমেলত দাবী কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।
কংগ্ৰেছ নেতা গৰাকীয়ে লগতে কয় “তাতোকৈ দুৰ্ভাগ্যজনক কথা বিধানসভাৰ অভিভাৱক “অধ্যক্ষ” গৰাকীয়ে কালি ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত কৰা মন্তব্য অতিশয় লজ্জ্বাজনক। তেওঁ হয়তো পাহৰি গ’ল যে, সংবিধানে “অধ্যক্ষ”ৰ মৰ্য্যদা কি ধৰণে মূল্যাংকন কৰিছে। এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে কাৰ্য্য নিৰ্বাহ কৰিবলগীয়া অধ্যক্ষ গৰাকীয়ে কালি কৰা মন্তব্য “ইতিবাচক”নে “প্ৰলোভন”?” বুলি প্ৰশ্ন তোলে।
অধ্যক্ষৰ বক্তব্যই শাসক দলক “ঘোঁৰা-বেচা কিনা”ত ইন্ধন যোগোৱা বুলিও বহুজনে ভাবিবলৈ লৈছে বুলি সংবাদমেলত মন্তব্য কৰে কংগ্ৰেছী নেতাজনে।