ৰাজ্যসভা নিৰ্বাচনত বিৰোধী সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুন বৰাৰ পৰাজয়ৰ পিছত এক অভিনব প্ৰতিবাদত বহিল জিলা কংগ্ৰেছ সম্পাদক।
কংগ্ৰেছী বিধায়ক শশী কান্ত দাস,ছিদ্দিক আহমেদে দল বিৰোধী কাৰ্য কৰাৰ বাবেই বিধায়ক পদ খাৰিজৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৰাই।
AIUDF ৰ লগত কোনো কালে মিত্ৰতা কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনালে কংগ্ৰেছ নেতৃত্বক।
ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকল।
এইদৰে লখিমপুৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সমুখত মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।