গুৱাহাটী – প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ ফলত উত্তাল ৰাজীৱ ভৱন। ধুবুৰীৰ কংগ্ৰেছ কৰ্মীৰ বিৰোধিতা ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ। ধুবুৰীৰ দুই বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰদান কৰাত কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভ। পূৱ বিলাসীপাৰা আৰু গৌৰীপুৰত কংগ্ৰেছ কর্মীক লাগে কংগ্ৰেছৰ প্ৰাৰ্থী।
ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কর্মীয়ে কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী যুঁজত। ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে যেন অধিক উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। প্ৰাৰ্থীৰ তালিকাকলৈ সমষ্টিয়ে সমষ্টিয়ে অসন্তুষ্টি ৰাজনৈতিক দল সমূহৰ কর্মী আৰু সমৰ্থকৰ মাজত।
প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছতে ৰাজনৈতিক দলৰ অসন্তুষ্ট নেতা-কর্মী আৰু সমৰ্থকৰ মাজত দেখা গৈছে দল ত্যাগৰ প্ৰৱণতা। ইতিমধ্যে বিজেপি, কংগ্ৰেছৰ ক্ষোভিত বহু কৰ্মীয়ে দল ত্যাগ কৰিছে। বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ ফলত দুই দলৰ কৰ্মীয়ে অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।
ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলৰ বিৰোধিতা কৰি গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আহি উপস্থিত হৈছে বদৰুদ্দিন আজমলৰ সমষ্টিৰ কংগ্ৰেছ কর্মী। ধুবুৰীৰ লোকসভাৰ অন্তৰ্গত দুই বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰি ৰাজীৱ ভৱনত গৌৰীপুৰ আৰু পূব বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
কংগ্ৰেছ কর্মী সকলে ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গৌৰীপুৰ আৰু পূব বিলাসীপাৰাত এআইইউডিএফৰ প্ৰাৰ্থীৰ পৰিবৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবী জনায়। গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছৰ কর্মী সকলে কয় যে সমষ্টিটোৰ বৰ্তমানৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে সমষ্টিটোত কোনো ধৰণৰ উন্নয়নৰ কাম কৰা নাই। পুনৰবাৰ এইজন বিধায়কক প্ৰাৰ্থীত্ব প্ৰদান কৰি মহাজোঁট বন্ধনে এক বৃহৎ ভুল কৰিছে।
গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ কর্মী সকলে লগতে কয় যে এইবাৰ এআইইউডিএফৰ প্ৰাৰ্থী গৰাকী চাৰি হাজাৰতকৈ অধিক ভোট লাভ নকৰে। গতিকে গৌৰীপুৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে। আনহাতে পূব বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ দাবী বর্তমান বিজেপিৰ দখলত থকা সমষ্টিটোক কেৱল মাত্ৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে উদ্ধাৰ কৰি আনিব পৰিৱ। এই সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰদান কৰা মানে সমষ্টিটোত মহাজোঁটৰ পৰাজয়।