আজি বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ বৈঠক। পাঁচ ৰাজ্যৰ নিৰ্বাচনত দলটোৰ শোচনীয় পৰাজয় সম্পৰ্কে মূলতঃ আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত ৷

এই বৈঠকত ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে CWC ৰ পৰা পদত্যাগ কৰি নতুন সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি প্ৰচাৰ হৈছে। যোৱা সময়চোৱাত বহুকেইজন নেতাই কংগ্ৰেছৰ নতুন কমিটি গঠন কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত একো হৈ উঠাগৈ নাই।

উল্লেখ্য যে জি-২৩ৰ নেতাসকলে দলটোৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰি যোৱা শুকুৰবাৰে গোলাম নবী আজাদৰ বাসগৃহত মিলিত হৈছিল ৷ কংগ্ৰেছ নেতা ভূপেন্দৰ সিং হুদা, মনীষ তিৱাৰী, কপিল চিবাল, আনন্দ শৰ্মা, অখিলেশ প্ৰসাদ সিঙে এই বৈঠকত অংশগ্ৰহণ কৰিছিল ।


তাৰ পৰিপ্ৰেক্ষিততেই এই বৈঠকখন প্ৰাসংগিক হৈ পৰিছে ৷ পূৰ্বতে ছোনিয়া গান্ধীয়ে পদত্যাগৰ প্ৰস্তাৱ দিছিল যদিও কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে এই প্ৰস্তাৱ প্ৰত্যাখান কৰে ৷ আনহাতে, দলটোৰ ভিতৰত থকা বিসম্বাদী গোটে নেতৃত্বৰ পৰিৱৰ্তন হোৱাতো বিচাৰিছিল ৷

বিসম্বাদী গোটটোৱে এই দলীয় পক্ষেপৰ সৈতে মোকাবিলা কৰিবলৈ সাজু নাছিল ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ পাচত তদানীন্তন কংগ্ৰেছ সভাপতি তথা ছোনিয়া তনয় ৰাহুল গান্ধীয়ে পদত্যাগ কৰে ৷ পিছত পুনৰ কংগ্ৰেছৰ দায়িত্ব ন্যস্ত কৰা হয় ছোনিয়া গান্ধীক ৷

পাঁচ ৰাজ্যৰ ফলাফল বিশেষকৈ শাসনত থকা পঞ্জাবৰ ফলাফলে দলটোৰ দুৰ্বল নেতৃত্বৰেই ইংগিত দিছে। এনে অবস্থাত নেতৃত্বৰ বাঘজৰী ডাল গান্ধী পৰিয়ালৰ হাতৰ পৰা আনিব পাৰিবনে নে জি-২৩ বিসম্বাদে আকৌ আতৰি আহিব লগা হয় কিছু সময়ৰ পিছতে স্পষ্ট হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply