মাজুলীঃ মাজুলীত পুৱাৰে পৰা চলি আছে উপ-নিৰ্বাচনৰ ভোটগণনা।
১৪ খন টেবুলত ১৪ টা ৰাউণ্ডত মাজুলী উপ-নিৰ্বাচনৰ ভোট গণনা চলি আছে।
এই ভোটগণনাত প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ভূবন গাম। দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৯১৭৩টা ভোট, অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ২৫৩৫টা ভোট। বিজেপিয়ে ৬৬৬৩টা ভোটত অগ্ৰগতি লাভ কৰিছে।
বিজেপি প্ৰাৰ্থী ভূৱন গাম, অসম জাতীয় পৰিষদৰ চিত্ত বসুমতাৰী আৰু এছ ইউ চি আই (চি)ৰ ভাইটি ৰিচঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত ৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।
লগতে পঢ়কঃভূৱন গাম নে চিত্তৰঞ্জন বসুমতাৰী! কাৰ পক্ষত ভোটাৰৰ ৰায়দান