বিশ্বনাথ : সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ প্ৰাৰ্থীত্ব বিহালী সমষ্টিত চিপিআই এম-এল দলৰ নেতা বিবেক দাসে লাভ কৰাতো নিশ্চিত হোৱাটো নিশ্চিত হৈছে। আজি প্ৰাৰ্থীত্ব লাভ কৰি গুৱাহাটীৰ পৰা গৃহাভিমূখী হোৱা বিবেক দাসক বিহালী সমষ্টিৰ সীমা বুঢ়িগাঙত প্ৰায় ৫ শতাধিক মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু চিপিআই এম-এল দলৰ সমৰ্থকে উষ্ম আদৰণি জনাই। তাৰপিছতে মটৰচাইকেলৰে শোভাযাত্ৰা কৰি প্ৰাৰ্থী গৰাকীক আদৰি অনা হয়। গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিগত কাৰ্যকালত প্ৰতিনিধিত্ব কৰা সমষ্টিটোত এইবাৰ মিত্ৰজোঁটৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি দাবী কৰিছে সমৰ্থক সকলে।

ইয়াৰ বিপৰীতে বিশ্বনাথৰ বিহালীত শ শ কংগ্ৰেছ কৰ্মী পদত্যাগ কৰিছে দলৰ পৰা । সভাপতি ৰিপুন বৰা প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে । ৭৭ নং বিধানসভা সমষ্টি বিহালীত কংগ্ৰেছ মিত্রজোঁটৰ প্ৰাৰ্থী চিপি আই এম এল দলৰ বিবেক দাসক প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি শুকুৰবাৰে বিহালীৰ সকলো কংগ্ৰেছ কৰ্মী তথা বিষয়-ববীয়া সকলে পদত্যাগ কৰি বৰগাঙত তীব্ৰ প্ৰতিবাদী কাৰ্য সূচী গঢ়ি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীত
ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি ৰিপুন বৰা মুন্দাবাদ প্ৰেমলাল গুঞ্জু জিন্দাবাদ আদি ধব্বনিৰে উত্তাল কৰি তোলে পৰিবেশ ।