গুৱাহাটী : কামৰূপ মহানগৰ জিলা নির্বাচন কর্তৃপক্ষই deokamrupmetro.in ৱেব চাইটত সংযােজন কৰিছে চি-ভিজিল এপৰ অসমীয়া ভাষান্তৰ। সৰ্বসাধাৰণ ৰাইজে বুজি পাবলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে আগবঢ়াইছে এই সুবিধা। ৱেব চাইটটোৰ উপৰি জিলা প্রশাসনৰ ফেচবুক পেইজতাে চি-ভিজিল এৰ এই ভাষান্তৰ আপলােড কৰা হৈছে।
আৰু পঢ়কঃ চেঙাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ
কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যালয়ৰ ভিডিঅ’ কনফাৰেঞ্চ হলত উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া বিশ্বজৎ পেগু আৰু প্ৰশাসনৰ কেইবাজনাে শীর্ষ বিষয়াৰ উপস্থিতিত চি-ভিজিল এপৰ অসমীয়া ভাষান্তৰ মুকলি কৰা হয়। উল্লেখযােগ্য যে চি-ভিজিল এপৰ জৰিয়তে ফটো বা ভিডিঅ’ৰ সৈতে অভিযােগকাৰীয়ে নির্বাচনী আচৰণ বিধি ভাংৰ সন্দৰ্ভত অভিযােগ দাখিল কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে এনৰইড ম’বাইল ফোনত এই এপ ডাউনলােড কৰি নিজৰ অভিযােগ দাখিল কৰিব পাৰে।
আৰু পঢ়কঃ নুমলীগড় শোধনাগাৰ অইল ইন্ডিয়াক হস্তান্তৰ কৰাক লৈ নিৰ্বাচনী ৰাজনীতি তুংগত
ইয়াৰ বাবে অভিযােগকাৰীয়ে পঞ্জীকৃত ম’বাইল ফোনৰ দ্বাৰা সংগ্ৰহ কৰা ফটো অথবা ভিডিঅ’ ৫ মিনিটৰ ভিতৰত চি-ভিজিল এপৰ জৰিয়তে জিলা নিয়ন্ত্রণ কক্ষলৈ পঠিয়াব লাগে। তাৰ পাছত নিয়ন্ত্রণ কক্ষই এই ফটো অথবা সংশ্লিষ্ট ফ্লাইং স্কোৱাডলৈ প্ৰেৰণ কৰিব আৰু পৰৱর্তী পর্যায়ত ১০০ মিনিটৰ ভিতৰত অভিযােগ নিষ্পত্তি কৰিব।