কংগ্ৰেছৰ নেতৃত্বতে থাকিব ছোনিয়া গান্ধী । শেহতীয়া পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰাশাজনক ফলাফলৰ পাছত আজি দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ এক বৈঠক অনুষ্ঠিত হয় ।
ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অনাগত দিনত ছোনিয়া গান্ধীৰ নেতৃত্বতে কংগ্ৰেছ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰাশাজনক ফলাফলৰ পাছত ছোনিয়া গান্ধীয়ে দলৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিব বুলি প্ৰচাৰ হৈছিল ।
দলৰ সাধাৰন সম্পাদক কেচি বেনুগোপালে কয়, নেতৃত্ব পৰিবৰ্তনৰ বিষয়টো ৱকিং কমিটিৰ বৈঠকত আলোচনা হোৱা নাই সকলোৱে ছোনিয়া গান্ধীৰ নেতৃত্বক লৈ সন্তুোষ্টি প্ৰকাশ কৰে। ৰনদ্বীপ ছুৰিঅ’ৱালা কয় বহুজনে ৰাহুল গান্ধীয়ে নেতৃত্ব লোৱাতো বিচাৰে।কিন্তু দলৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে।