গোৰেশ্বৰঃ “সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পায় সংসাৰত, দুখৰ ওপৰত দুখ”। গুৱাহাটীৰ পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভূপেন বৰাক কটাক্ষ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ।
দিলীপ শইকীয়াই কয়, ”ভূপেন বৰাই পৌৰসভা দখল কৰি সুখ পাম বুলি ভাবিছে কিন্ত গুৱাহাটী পৌৰসভা বিজেপি মিত্ৰজোঁটে বিপুল ভোটত জয়ী হ’ব। তেওঁলোকে মেয়ৰ,ডেপুটী মেয়ৰৰ নাম ঘোষণা কৰি গুৱাহাটীত পৌৰসভা গঠন কৰিব বুলি যি সুখানুভূতিত আছে তেখেতসকলৰ সেই সপোন বাস্তৱত পৰিণত নহ’ব। ২৪এপ্ৰিলত যেতিয়া ৰিজাল্ট ঘোষণা হ’ব গোটেই কথাখিনি জলজলপটপটকৈ ওলাই পৰিব।বিজেপি মিত্ৰজোঁটে গুৱাহাটী পৌৰনিগম দখল কৰিবলৈ সক্ষম হ’ব।”
আনহাতে দিলীপ শইকীয়াই মূল্যবৃদ্ধিৰ ওপৰতো মন্তব্য আগবঢায়। তেওঁ কয়, ”ভাৰতবৰ্ষক যিমান খাৰুৱা তেল লাগে তাৰ ৮৫ শতাংশ তেল বিদেশৰ পৰা আহে ১৫ শতাংশ তেল ভাৰতবৰ্ষত তৈয়াৰ হয় সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি হোৱা ভাৰতবৰ্ষতো মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰে”।
লগতে পঢ়কঃএনএছইউআই’ৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই যোগদান কৰিলে অগপত