গুৱাহাটী: উত্তৰাখণ্ডত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী সন্দৰ্ভত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ‘অভব্য’ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাখিল কৰা এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা বালিকা পেগু, দলীয় মুখপাত্ৰ তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছ আইনী কোষৰ আহ্বায়ক অধিবক্তা মনোজ ভাগৱতীৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ দিছপুৰ থানাৰ ‘ছকেণ্ড অফিচাৰ’ গৰাকীয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বুলি প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰে।

প্ৰদেশ কংগ্ৰেছে দিছপুৰ আৰক্ষীৰ উক্ত ‘অগণতান্ত্ৰিক’ আৰু ‘নাগৰিকৰ সংবিধানিক অধিকাৰ খৰ্ব কৰা আচৰণক’ তীব্ৰ ভাষাৰে গৰিহণা জনাই আৰক্ষীৰ এই কাৰ্য্যই ৰাজ্যত বৰ্তমান কি পৰ্য্যায়ত শাসন চলিছে তাৰ উন্মচিত কৰিছে বুলি কয়।

বিজ্ঞপ্তিটোত কোৱা হয়, ‘এনকাউণ্টাৰ কৰি মানুহ মাৰিবলৈ আৰক্ষীক উচতনি দিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ব্যক্তিগত ‘বাহিনী’ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে আৰু অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীজনক মুখ্যমন্ত্ৰী হিচাপে নলৈ অসম আৰক্ষীৰ ‘হুজুৰ’ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছে।’

যোৱা ২২ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীৰ পিতৃ-পৰিচয়ক লৈ মুখ্য মন্ত্ৰীয়ে কৰা মন্তব্য ‘অতি নিম্ন স্তৰৰ’ আৰু ই ‘শালীনতাৰ সকলো সীমা চেৰাই’ গৈছে বুলি প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কয়।

লগতে পঢ়ক – গোলাঘাটৰ বৰফলং চাহ বাগিছাত চুলাই সেৱনৰ পিছত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply