গুৱাহাটী : অহা ৬ এপ্রিল মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে এক আদেশ যােগে ৪ এপ্রিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈ ‘ড্রাই ডে’ ঘােষণা কৰিছে। সেই অনুসৰি সেই সময়খিনিত সুৰা মজুত কৰণ, বিতৰণ বা বিক্রিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছে।
উক্ত সময়খিনিত ক্লাৱ, হােটেল আদিত সুৰা বিক্রি বন্ধ ৰখাৰ উপৰি ভাৰতত নির্মিত বিলাতীসুৰাৰ গুদাম, বিপনী তথা দেশীয় সুৰাৰ বিপনীসমূহ বন্ধ ৰাখিব লাগিব। যদিহে কোনাে সমষ্টিত পুনৰ ভােটগ্রহণ অনুষ্ঠিত কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰতাে এই আদেশ বলবৎ হ’ব। আনহাতে, ভােটগ্রণনাৰ দিনাও ভােট গণনা প্রক্রিয়া সমাপ্ত নােহােৱা পর্যন্ত এই আদেশ প্রযােজ্য হ’ব।
এই নিষেধাজ্ঞা অমান্য কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ মাজতে সমাগত বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচনী আদর্শ আচৰণ বিধি চলি থকাৰ মাজতে কামৰূপ মহানগৰ নির্বাচন জিলাত জব্দ কৰা হৈছে ২,৮৮,০৮৬ বাল্ক লিটৰ সুৰ, যাৰ বজাৰ মূল্য প্রায় ৫,৩১,৪৯,৪৯৩ টকা।
এই সুৰাসমূহৰ ভিতৰত আছে ভাৰতত বনােৱা বিদেশী সুৰা, অবৈধ সুৰা, দেশীয় সুৰা আদি। আবকাৰী বিভাগৰ অভিযানকাৰীৰ দলে জিলাখনৰ বিভিন্ন স্থানত তালাচী চলাই জব্দ কৰিছে এই বৃহৎ মূল্যৰ সুৰা। যােৱা ৩১ মাৰ্চৰ পৰা চাৰি এপ্রিলৰ ভিতৰত জব্দ কৰা হৈছে এই সুৰা। ইয়াৰ ভিতৰত ৫১ নং জালুকবাৰী সমষ্টিত ৭৭.৫৩,৮৯৫ টকাৰ, ৫২ নং দিছপুৰ সমষ্টিত ৩,৩৫,৩৮,২৬২ টকাৰ, ৫৩ নং পূৱ গুৱাহাটী সমষ্টিত ৪৪,১১,৩৭৮ টকাৰ আৰু ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিত ৭৪.৪৫,৯৫৭ টকাৰ সুৰা জব্দ কৰা হৈছে।