গুৱাহাটী : আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। আজি ৰাজ্যৰ ১৬ খন জিলাৰ ৪০ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। কামৰূপ মহানগৰ জিলাৰ ৪ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত মহানগৰী গুৱাহাটীৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত দেখিবলৈ পোৱা যায় ব্যাপক ভিৰ।

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা যায়। পুৱাৰ ভাগতে ভোটাৰ সকল ভোট গ্ৰহণ কেন্দ্ৰ সমূহত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।

মহানগৰী গুৱাহাটীৰ ভোট কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজে দীঘলীয়া শাৰীত থিয় হৈ ভোট অধিকাৰ সাব্যস্ত কৰে। পূব গুৱাহাটী সমষ্টিৰ নেহেৰু ষ্টেডিয়ামত থকা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ সকলৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ। বর্তমানলৈকে ভোট গ্ৰহণ কেন্দ্ৰটোত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ আছে।

উল্লেখ্য যে পূব গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত মূল যুঁজখন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী অসীমা বৰদলৈ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদিপ কুমাৰ ফুকনৰ। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি ক্রমে ৫১ নং জালুকবাৰী, ৫২ নং দিছপুৰ, ৫৩ নং পূৱ গুৱাহাটী আৰু ৫৪ নং পশ্চিম গুৱাহাটীত সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে।

কামৰূপ মহানগৰ জিলাৰ এই ৪ টা সমষ্টিৰ মুঠ ১,৭০৭ টা ভােট গ্রহণ কেন্দ্র আছে। ইয়াৰে জালুকবাৰী সমষ্টিত ২৯৭ টা, দিছপুৰ সমষ্টিত ৬০৭ টা, পূৱ গুৱাহাটী সমষ্টিত ৩৪০ টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৫০ টা ভােট গ্রহণ কেন্দ্র আছে। এই ভােট গ্রহণ কেন্দ্রসমূহৰ বাবে নিয়ােজিত কৰা হৈছে ১,৭০৭ গৰাকী প্রিজাইডিং বিষয়া, ৫,১২১ গৰাকী পলিং বিষয়া আৰু প্ৰতিটো কেন্দ্রতে আছে দুগৰাকীকৈ নিৰাপত্তাৰক্ষী।

জিলাখনৰ জালুকবাৰীত ১০ টা, দিছপুৰত ২৫ টা, পূৱ গুৱাহাটীত ৬৫ টা আৰু পশ্চিম গুৱাহাটীত ২০ টা ভােট গ্রহণ কেন্দ্রকে ধৰি মুঠ ১২০ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ মুঠ ১১,৫২,৪৮৭ গৰাকী ভােটাৰৰ ভিতৰত ৫,৬৯,৪৩৭ গৰাকী পুৰুষ আৰু ৫,৮৩,০০৬ গৰাকী মহিলা ভােটাৰ আছে।

কামৰূপ মহানগৰ জিলাত জটিল ভােট গ্রহণ কেন্দ্র হিচাপে চিহ্নিত কৰা হৈছে মুঠ ৬৭ টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰ জালুকবাৰীৰ ২৬ টা, দিছপুৰৰ ৯ টা, পূৱ গুৱাহাটীৰ ২ টা আৰু পশ্চিম গুৱাহাটীত ৩০ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। অতিৰিক্তভাৱে জিলাখনৰ দিছপুৰ সমষ্টিত ৫ টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ১০ টা অস্থায়ী ভােট গ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। জিলাখনৰ চাৰিটা সমষ্টিত ৪৩ গৰাকী প্রার্থী নির্বাচনী প্রতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,873 other subscribers

Leave a comment

Leave a Reply