নিউজ ডেস্ক: ভাৰতীয় নিৰ্বাচনী ব্যবস্থাত অংশ লবৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰি থোৱা নাই যদিও আজিৰ যুগত এই সকল অশিক্ষিত লোকে কেনেদৰে দেশ শাসন কৰিব অথবা দেশক কেনেদৰে বিশ্বস্তৰলৈ নিব পাৰিব সিও এক বিচাৰ্যৰ বিষয় | শেহতীয়াকৈ দেখা গ’ল প্রথম পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰা প্রার্থীসকলৰ ভিতৰত ১৬গৰাকী প্রার্থীয়েই উত্তীর্ণ হোৱা নাই দশম শ্রেণী৷ এই প্রার্থীসকলে পঢ়িছে কেৱল অষ্টম শ্রেণীলৈহে৷ এই প্রার্থীসকলৰ ভিতৰত চতিয়া সমষ্টিৰ ভোটার্ছ পার্টী ইণ্টাৰনেচনেল নামৰ দলটোৰ প্রার্থী অনিল বসুমতাৰীয়ে উল্লেখ কৰিছে কেৱল সাক্ষৰ বুলিহে ৷
আনহাতে, ডিব্রুগড়ৰ নির্দলীয় প্রার্থী কমল হাজৰিকা আৰু ডুমডুমাৰ নির্দলীয় প্রার্থী লক্ষেশ্বৰ মৰাণ পঞ্চম শ্রেণীলৈহে পঢ়া৷ অষ্টম শ্রেণীলৈ পঢ়াসকলৰ প্রার্থীসকলৰ ভিতৰত আছে– বোকাখাতৰ নির্দলীয় প্রার্থী ক্রমে দীনেশ কর্মকাৰ, জিতেন গগৈ আৰু চাইমণ্ড তাঁতী৷ সেইদৰে মাহমৰা সমষ্টিৰ এ আই এফ ডি এফৰ প্রার্থী ভূপেন ফুকন, সৰুপথাৰৰ নির্দলীয় প্রার্থী গোপাল গগৈ, মৰাণৰ নির্দলীয় প্রার্থী ইলিয়াছ ছিছন, টিংখাঙৰ নির্দলীয় প্রার্থী বিকাশ কুল্ল, বিহপুৰীয়াৰ ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ প্রার্থী শুভেশ্বৰ গগৈ, ৰূপহীহাটৰ ৰাষ্ট্রীয় উলামা কাউন্সিলৰ প্রার্থী জিন্নাতুল ইছলাম, আমগুৰি সমষ্টিৰ প্রার্থী প্রদীপ হাজৰিকা, ঢেকীয়াজুলিৰ ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ প্রার্থী ৰঞ্জয় বসুমতাৰী, অসম জাতীয় পৰিষদৰ ডিগবৈ সমষ্টিৰ প্রার্থী প্রভাত নায়ক আৰু তিনিচুকীয়া সমষ্টিৰ ভাৰতীয় গণ পৰিষদৰ প্রার্থী স্বপন পাল অষ্টম শ্রেণীলৈ উত্তীর্ণ৷
ইয়াৰ মাজতে অৱশ্যে আন বহুকেইগৰাকী উচ্চ শিক্ষিত প্রার্থীয়েও এইবাৰ নির্বাচনত অংশগ্রহণ কৰিছে৷ মুঠ ৪গৰাকী প্রার্থী পি এইচ ডি ডিগ্রীধাৰী৷
আৰু পঢ়কঃ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ কংগ্ৰেছ দল ত্যাগ
এ ডি আৰ নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি এইবাৰ প্রথম পর্যায়ৰ নির্বাচনত প্রার্থিত্ব আগবঢ়োৱা ১৫৭গৰাকী প্রার্থীয়েই স্নাতক ডিগ্রীধাৰী৷
ইফালে, আগন্তুক বিধানসভা নির্বাচনৰ প্রথম পর্যায়ত ২৫ৰ পৰা ৪০ বছৰীয়া প্রার্থীৰ সংখ্যা হৈছে ৬৭গৰাকী৷ ১৫৩গৰাকী প্রার্থীৰ বয়স ৪১ৰ পৰা ৬০ বছৰৰ ভিতৰত৷ তদুপৰি ৬১ৰ পৰা ৭০ বছৰৰ ভিতৰৰ বয়সৰ প্রার্থী হৈছে মুঠ ৩৮গৰাকী৷ মাত্র এগৰাকী প্রার্থীৰ বয়স ৮৫ বছৰ৷
সমান্তৰালভাৱে প্রথম পর্যায়ৰ নির্বাচনত বিভিন্ন সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়াইছে মুঠ ২৫গৰাকী মহিলা প্রার্থীয়ে৷ ইয়াৰ ভিতৰত বিজেপিৰ তিনিগৰাকী, কংগ্রেছৰ ৬গৰাকী, অসম জাতীয় পৰিষদৰ তিনিগৰাকী, অসম গণ পৰিষদৰ এগৰাকী আৰু ছগৰাকীয়ে নির্দলীয়ভাৱে প্রার্থিত্ব আগবঢ়াইছে৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৯৭জন প্ৰাৰ্থী পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া। ১৫৭জন স্নাতক আৰু ৪জন ডক্টৰেট ডিগ্ৰীধাৰী। ইফালে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৬৭ জনেই ২৫ৰ পৰা ৪০বছৰ বয়সৰ। ১৫৩জনৰ বয়স ৪১ৰ পৰা ৬০বছৰ, ৩৮জনৰ বয়স ৬১ৰ পৰা ৭০বছৰৰ ভিতৰত, এজনৰ বয়স ৮৫বছৰ।