কৰিমগঞ্জ: দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কৰিমগঞ্জ জিলা প্ৰশাসনৰ তৎপৰতা বৃদ্ধি হৈছে। নিৰ্বাচনী আচৰন বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে জিলা প্ৰশাসন। নিৰ্বাচন আয়োগৰ এনে কঠোৰ মনোভাৱ বিজেপিৰ ওপৰত পক্ষপাতিত্ব ভাবে কৰাৰ গুৰুতৰ অভিযোগ তুলিছে জিলা বিজেপিয়ে। জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই কৰা অভিযোগ মতে,জিলাৰ নিৰ্বাচনৰ দায়িত্বত থকা কেইজনমান আধিকাৰীয়ে বিশেষ এক দলৰ পক্ষ লৈ কাম কৰিছে।
আৰু পঢ়কঃ ভোটাৰক সজাগ কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ চাইক্লথন
নিৰ্বাচন আয়োগৰ নিয়ম নীতি অনুযায়ী সকলো ধৰনৰ অনুমতি লৈ বিজেপিয়ে বেনাৰ, পোষ্টাৰ, হ’ৰ্ডিং, লগাইছিল। কিন্তু জিলা প্ৰশাসনে বাছি বাছি ন ন অজুহাত দেখুৱাই প্ৰচাৰ চলোৱা বাহন আটক কৰাৰ লগতে বিজেপি প্ৰাৰ্থী সকলৰ পোষ্টাৰ বেনাৰ আতৰাই পেলাইছে। আনকি ৰাতিৰ ভাগত কৰিমগঞ্জ জিলা বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অভিযান চলায় এমচিচি চেলৰ দায়িত্ব থকা নিৰ্বাচন আয়োগৰ দলটোৱে। আৰু কাৰ্যালয়ত লগোৱা বেনাৰ ফ্লেক্স সমূহ খুলিবলৈ নিৰ্দেশ দিয়াক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।