হাইলাকান্দি: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন হৈ থকাৰ সময়তে বৰাক ভেলীত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰে তুংগত উঠিছে । ১ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ বাবে অঞ্চলটোলৈ বিভিন্ন ষ্টাৰ কেম্পেইনাৰ সকলে উবুৰি খাই পৰিছেহি বৰাক উপত্যকাত। হিমন্ত বিশ্ব শৰ্মাই আজি উদৰবন্ড, কাটিগড়া, কাটলিচেৰা, ৰাতাবাৰীত নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছত কৰিমগঞ্জত ৰোড শ্ব’ত অংশ লয় ।
কালি কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ ইছাবিলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী জনসভাত ভাগ লৈ দলীয় প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ প্ৰচাৰ চলাই হেজাৰ হেজাৰ কৰ্মী সমৰ্থকৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় ,অসমত বিজেপি মিত্ৰজোটৰ চৰকাৰ অহাৰ পিছৰে পৰা আন্দোলন আৰু উগ্ৰপন্থী সমস্যাৰ সমাধান হৈছে । কা সন্দৰ্ভত মন্তব্য কৰি কয় অমিত শ্বাহে কয় কংগ্ৰেছে দিল্লীত কা বিৰোধিতা কৰে কিন্তু বৰাক উপত্যকাত কা সন্দৰ্ভত কোনো কথা নকয় । আগন্তুক দিনত বৰাক উপত্যকাত হব লগীয়া বহু প্ৰকল্পৰ কথাও কলে অমিত শ্বাহে । মূলত বৰাক উপত্যকাত অমিত শ্বাহে দুটাকৈ নিৰ্বাচনী জনসভাত ভাগ লব । এটা পাথাৰকান্দি সমষ্টিৰ ইছাবিল চাহ বাগিছাত আৰু দ্বিতীয় জনসভা শিলচৰ সমষ্টিত অনুষ্ঠিত হব । উভয় সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব শ্বাহে ।
আনহাতে AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে মধ্য হাইলাকান্দি সমষ্টিত দলীয় প্ৰাৰ্থী জাকিৰ হুছেইনৰ এক নিৰ্বাচনী সভাত অংশ লয় । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰাকত AIUDFৰ আৰু কংগ্ৰেছৰ সৈতে বিজেপি মূল যুঁজখন হ’ব ।