বিশ্বনাথ: ৭৭ নং বিহালী বিধানসভা সমষ্টিত জ্যেষ্ঠ্ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা বাওঁপন্থী নেতা বিবেক দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত চলি থকা নিৰ্বাচনকেন্দ্ৰীক যুঁজ খন ক্ৰমে অধিক আকৰ্ষণীয় হৈ আহিছে ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ হৈ বিহালীত প্ৰচাৰ চলাবলৈ আহিছে চি পি আই (এম এল) লিবাৰেচন ৰ সৰ্বভাৰতীয় সম্পাদক দিপাংকৰ ভট্টাচাৰ্য আৰু কংগ্ৰেছ সাংসদ আব্দুল খালেক ৷
বিহালীৰ বাঘমাৰীস্থিত চোটপামত হবলগীয়া এই “অধিকাৰ সমাৰোহত” বক্তব্য ৰাখিব প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী নুৰজামাল চৰকাৰে ৷ বিহালীত মিত্ৰজোঁটে পৃথক নিৰ্বাচনী কৌশলৰ প্ৰয়োগ কৰি ভোটাৰ ৰাইজক প্ৰত্যক্ষ যোগাযোগ কৰিছে ৷ জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দত্তই গহপুৰ বিশ্বনাথ আৰু বিহালী তিনিওটা সমষ্টিৰ ভোটাৰক একত্ৰিত কৰি বিগত সময়চোৱাত ৰেলী উলিয়াই প্ৰচাৰ কৰিছে ৷ প্ৰথমবাৰ বিধায়ক হৈয়েই ৰঞ্জিত দত্তই বিহালীৰ পুৰণি কেটলা বাগিছা বন্ধ কৰি শ্ৰমিক সকলৰ পানীত হাঁহ নচৰা অবস্থা কৰিছিল আৰু শ্ৰমিক সকলক এই বিপদৰ পৰা ৭ দিন অমৰণ অনশন কৰি বিবেক দাসে ন্যায় প্ৰদান কৰাৰ কথা দাসে উল্লেখ কৰে ৷
লক ডাউনৰ সময়ত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ফেচবুকত লিখাৰ বাবে বিজেপিয়ে জিনজিয়া থানাত গোছৰ তৰিছিল আৰু এই গোছৰক নিৰ্বাচনৰ সময়ত ভুল বাখ্যা দি ৰঞ্জিত দত্তই অপপ্ৰচাৰ চলাইছে বুলি সদৰি কৰে ৷ মন্ত্ৰী দত্ত আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজৰ সংঘাত বিহালী বিজেপিৰ ভাঙোনৰ উদাহৰণ ৷ বিগত পাঁচটা বছৰে মন্ত্ৰী দত্ত বিহালীৰ সমস্যা সমাধানত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে বুলিও জানিব দিয়ে বাওঁপন্থী নেতা জনে ৷ নিবনুৱা সমস্যা যদি এজন মন্ত্ৰীয়ে সমাধান কৰিব নোৱাৰে তেন্তে এজন মন্ত্ৰীৰ কাম কি বুলিও তীৰ্যক মন্তব্য কৰে দাসে ৷
নিৰ্বাচনৰ পুৰ্বে এজন কৰ্মীয়ে দলত্যাগ কৰি আন দলত যোগদান কৰাতো এক সাধাৰণ কথা, বিহালীত বিজেপিৰ কোনো প্ৰতিদণ্ডী নাই বুলি মন্ত্ৰী দত্তই কৰা মন্তব্য যে ভুল সেয়া প্ৰচাৰৰ বাবে বিহালীলৈ বিজেপি নেতৃবৃন্দৰ সঘন আগমনেই প্ৰমান কৰে ৷ আনহাতে বাগিছা অধ্যুষিত সমষ্টি বিহালীত ২২ তাৰিখে পালন হবলগীয়া বন্ধই বিহালীত বিজেপি দলে পৰাজয় কৰাৰ প্ৰমাণ দিব বুলি সংবাদ মেলত মন্তব্য কৰে মহামিত্ৰজোঁটৰ প্ৰাৰ্থী বিবেক দাসে ৷