বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বিহালী: ৰাজ্যৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে বলিছে নিৰ্বাচনী বতাহ । শাসক-বিৰোধী দলসমূহৰ প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত । ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । মন্ত্রী গৰাকী বিহালী সমষ্টিৰ বিহালী ৰংমঞ্চত উপস্থিতিত হৈ এখনি বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । উক্ত সভাত অান আন দলৰ পৰা প্ৰায় শতাধিক সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । সভাৰ শেষত তেলেংনীয়া গাঁওত প্ৰায় ৫ হাজাৰো অধিক কৰ্মকতা তথা সমৰ্থকৰ লগত মন্ত্রী গৰাকী ৫ কিলোমিটাৰ পদযাত্ৰাত অংশ লয় ।

বিহালীত নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰথমটো অস্থায়ী নিৰ্বাচনী কাৰ্যালয় মুকলি

আনহাতে সমষ্টিটোৰ বিজেপিৰ টিকট বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ বিহালী মণ্ডলত প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় সমষ্টিটোৰ ৰাংছালী গাওঁত । এই অনুষ্ঠানত জয়ন্ত বৰা লগত উপস্থিত থাকে বিহালী বিশিষ্ট সমাজ কৰ্মী শুকদেৱ বৰুৱা ,বসন্ত হাজৰিকা , দুৰ্গেশ্বৰ মুদৈ , ৰাতুল দাসৰ লগতে জয়ন্ত বৰা অনুৰাগী মঞ্চৰ সদস্য সকল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply