মেৰাপানী: ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ লৈ মাজত মাত্ৰ কেইটামান দিন। তাৰ মাজতে নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাবলৈ সমষ্টি সমূহত ভীৰ কৰিছেহি ষ্টাৰ কেম্পেইনাৰ সকলে। গোলাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ হৈ মেৰাপানীৰ চাংখাতিত প্ৰচাৰ চলাবলৈ আহিল বি পি এফৰ চীফ হাগ্ৰামা মহিলাৰী। আগতে আহিছিল অজন্তা নেওগৰ হৈ এইবাৰ আহিল বিতোপন শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ ।
৯৫ নং গোলাঘাট বিধান সভা সমষ্টিত তীব্ৰ নিৰ্বাচনী প্ৰতিযোগিতাত নামি পৰিছে কংগ্ৰেছ-বিজেপি। কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ তীব্ৰ প্ৰত্যাহ্বান অজন্তা নেওগক। বিজেপি দলে প্ৰাৰ্থী অজন্তা নেওগক জয়ী কৰাৰ স্বাৰ্থত সমষ্টিলৈ আমন্ত্ৰণ জনাইছে ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেনাৰ। দুদিনৰ আগতে গোলাঘাট জিলাৰ বড়ো অধ্যুষিত এলেকাত প্ৰচাৰ চলাবলৈ আহিছিল প্ৰমোদ বড়ো ।
এইবাৰ কংগ্ৰেছৰ পাল। সাংসদ গৌৰৱ গগৈৰ পাছত কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ হৈ মেৰাপানীৰ বড়ো অধ্যুষিত এলেকাত প্ৰচাৰ চলাবলৈ আহিল হাগ্ৰামা মহিলাৰী। হেলিকপ্টাৰ যোগে হাগ্ৰামাৰ লগতে চাংখাতিৰ নিৰ্বাচনী সভাত উপস্থিত থাকিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ মহন প্ৰকাশৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় অপূৰ্ব ভট্টাচাৰ্য আৰু বালিকা লাহন।
দুই সহস্ৰাধিক জনতা উপস্থিত থকা নিৰ্বাচনী সভাখনত হাগ্ৰামা মহিলাৰীয়ে এইবাৰ ৰাজ্যত কংগ্ৰেছৰেই চৰকাৰ হ’ব বুলি দাবী কৰি বিজেপি চৰকাৰৰ লগতে হিমন্ত বিশ্ব শৰ্মাক কটূ সমালোচনা কৰে। জ্বৰ বেচি হ’লে হিমন্তই ভম বকে বুলি কটাক্ষ কৰে অপূৰ্ব ভট্টাচাৰ্যই। ইফালে হাগ্ৰামাই নিজকে হিমন্ত বিশ্ব শৰ্মাৰ গুৰু বুলি মন্তব্য কৰি হিমন্তক তেওঁৰ শিষ্য হিচাপে অভিহিত কৰে। আনহাতে গোলাঘাট সমষ্টিত অজন্তা নেওগৰ হৈ প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অহাৰ প্ৰসঙ্গত হাগ্ৰামাই তেওঁ অহাৰ পাছত স্বয়ং প্ৰধান মন্ত্ৰী আহিলেও একো কাম নহ’ব বুলি মন্তব্য কৰে।