সৰ্বানন্দ সোণোৱাল

শুৱালকুছি: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ নিজ সমষ্টি শুৱালকুছিৰ এখন বিশাল ৰাজহুৱা সভাৰ অংশ লয়। সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে হিমন্তক সতীৰ্থ মন্ত্ৰী হিচাপে পাই গৌৰৱান্বিত বুলি মন্তব্য কৰে। ১২৬ টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটত হিমন্তক জিকাব লাগিব বুলি মুখ্যমন্ত্ৰী সোণোৱাল ভাষণত উল্লেখ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে কয়, এইখন চৰকাৰে ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কাম কৰিছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিভাগৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিছে। দক্ষতাৰে কাম কৰি অসমক প্ৰগতিৰ পথত আগুৱাই নিছে। মই আশীৰ্বাদ বিচাৰিছো।উক্ত সভাত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply