মৰিয়নি- নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সমীকৰণ বোৰ সিমানেই সলনি হৈছে । প্ৰায় ২৮ বছৰ ধৰি ৰাজত্ব কৰি অহা মৰিয়নি সমষ্টিৰ শেহতীয়া স্থিতি কিছু সলনি হৈছে। বিজেপিক ৰোধ কৰিবলৈ বিৰোধী কংগ্ৰেছৰ সমৰ্থনত অখিল গগৈয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত মূল যুঁজ খন এতিয়া বিজেপি কংগ্ৰেছৰ মাজতেই হ’ব । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বচনী প্ৰচাৰৰ পিছতে কংগ্ৰেছৰ শিবিৰত কিছু খলকনিৰ সৃষ্টি হৈছে । বিজেপিৰ নেতা প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তণ বিধায়ক অলক ঘোষে নিৰ্দলীয় হিচাবে মনোনয়ন দাখিল কৰিছিল যদিও মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত বৰ্তমান বিজেপি প্ৰাৰ্থী গৰাকীৰ সৈতে প্ৰচাৰত নামি পৰিছে ।
আজিৰ দিনটোত দেখা গ’ল মৰিয়নি সমষ্টিত এখন সৰ্বাধিক চৰ্চিত ছবি। মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মী আৰু আনফালে অলক ঘোষক কাষত লৈ মৰিয়নি বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । সমষ্টিটোত ৪২ হাজাৰ চাহ জনগোষ্ঠীৰ ভোটাৰ আৰু ৫৭ হাজাৰ অনান্য জাতি জনগোষ্ঠীৰ ভোটাৰৰ লগতে ১৪ হাজাৰ ভাষিক জনগোষ্ঠীৰ ভোটাৰ আছে । ১৩ বছৰ মাক ৰূপম কুৰ্মী আৰু ১৮ বছৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক হিচাবে আছে । সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে। বিজেপিয়ে শেহতীয়াকৈ কংগ্ৰেছৰ শিবিৰৰ বহু নেতাক দললৈ আনি প্ৰচাৰ আৰম্ভ কৰিছে, এনে অবস্থাত ৰূপজ্যোতি কুৰ্মীয়ে বৈতৰণী পাৰ হ’বলৈ কি কৌশল লয় সেইটোহে লক্ষ্যণীয় হ’ব ।
মৰিয়নিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামিল বিধায়ক ৰূপজ্যোতিৰ ভাতৃ
অসন্তোষ্ট বিজেপি নেতা অলক ঘোষো আহিল বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিবলৈ
