সৰুক্ষেত্ৰী সমষ্টিৰ দুই মহিলা প্ৰাৰ্থী কল্পনা আৰু মীনাক্ষী

সৰুক্ষেত্ৰী: ৰাজ্য বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বাবে প্ৰচাৰ বৰ্তমান তুংগত । মুঠ ৪০ টা সমষ্টিত হ’ব নিৰ্বাচন । সকলো ৰাজনৈতিক দলেই হাতত দুটা দিন নিৰ্বাচনী প্ৰচাৰৰ বাবে সময় থকা অবস্থাত দিন ৰাতি একেকাৰ কৰিছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’বলগীয়া সমষ্টি কেইটাৰ ভিতৰত এটা অন্যতম সমষ্টি হ’ল ৪৬ নং সৰুক্ষেত্ৰী সমষ্টি । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক জাকিৰ হুচেইন শিকদাৰকেই মহাজোঁটে প্ৰাৰ্থিত্ব দিছে | ইয়াৰ বিপৰীতে ইয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নামিছে এআইইউডিএফ মীনাক্ষী দাস ৰহমান । ইয়াৰ উপৰিও মিত্ৰদলৰ হৈ অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে প্ৰতিদ্বন্দিতাত নামিছে । ইয়াৰ লগতে অসম জাতীয় পৰিষদৰ মানিক চন্দ্ৰ বৰা প্ৰতিদ্বন্দিতাত নামিছে ।

যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জনে অগপৰ চিত্তৰঞ্জন বৰ্মনৰ বিপক্ষে ২৪,২৪৭টা ভোটত জয়লাভ কৰিছিল । মহাজোঁটৰ প্ৰাৰ্থী থকাৰ পিছতো এআইইউডিএফ ৰ ফালৰ পৰা প্ৰাৰ্থী ইয়াত নমাইছে । এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী থকাৰ পিছতো নিজা দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে । আনহাতে দুই মহিলা প্ৰাৰ্থী অগপৰ কল্পনা পাটোৱাৰী আৰু এআইইউডিএফৰ মীনাক্ষী ৰহমানৰ প্ৰচাৰে সমষ্টিটোত আকৰ্ষণীয় হৈ উঠিছে ।

দুয়ো গৰাকী প্ৰাৰ্থী জন্ম সুত্ৰে হিন্দু আৰু বৰ্তমান বিৱাহ সুত্ৰে মুছলমান বোৱাৰী । জনপ্ৰিয় ভোজপুৰী গায়িকা কল্পনা পাটোৱাৰীৰ ঘৰ বৰপেটাৰোডত , বিহাৰৰ পাৰভেজ খানৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছে । এআইইউডিএফ মীনাক্ষী দাস ৰহমানৰ ঘৰ গোৱালপাৰাত, বিৱাহ হৈছে কৈয়াকুছিৰ প্ৰশাসনিক বিষয়া ছইবৰ ৰহমানৰ সৈতে ।
ধৰ্মীয় সংখালঘু ভোটৰ প্ৰভাব থকী সমষ্টিটোত হিন্দু ভোটাৰৰ সংখ্যাও কম নহয় । সেইবাবেই ঠাই বিশেষে এই দুই মহিলা প্ৰাৰ্থীয়ে দুয়োটা স্থানতে নিজকে সলনি কৰি প্ৰচাৰ চলাইছে । প্ৰমান কৰিব বিচাৰিছে কোন কিমান বেছি হিন্দু কোন কিমান বেছি মুছলমান । দুয়ো মহিলাৰ প্ৰচাৰে বৰ্তমানৰ বিধায়ক কংগ্ৰেছৰ জাকিৰ হুচেইন ছিকদাৰৰ ভেঁটিত কঁপনি উঠিছে ।

যোৱা নিৰ্বাচনত জাকিৰে এআইইউডিএফৰ পৰা আজুৰি আনিছিল সমষ্টিটো । জাকিৰ হুচেইন ছিকদাৰৰ হৈ দুই মহিলাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নামিছে অভিনেত্ৰী পত্নী তেহছিন আখটাৰ । যোৱা ২০১৬ চনৰ নিৰ্বাচনত জাকিৰ হুচেইন ছিকদাৰে ৭০,০৬২ ভোট পোৱাৰ বিপৰীতে অগপৰ চিত্তৰঞ্জন বৰ্মনে ৪৫,৮১৫টা আৰু এআইইউডিএফৰ আলি হুছেইনে ২১,৪৬০ টা ভোট লাভ কৰিছিল ।
এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ সম্পত্তিৰ বিশাল পাহাৰ আৰু আমোলা স্বামীৰ সম্পত্তিৰ তালিকাই এই গৰাকী প্ৰাৰ্থীয়ে এইবাৰ বন্ধুত্বমূলক যুঁজখনত বাৰুকৈয়ে প্ৰভাব পেলোৱাৰ আশাই অধিক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply