স্মৃতি ৰেখা লাহন, টীয়ক: নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানো তুংগত উঠিছে টীয়ক সমষ্টিত | ৰাইজৰ দলৰ হৈ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনে সমষ্টি ভিত্তিক প্ৰকাশ কৰা এক ইস্তাহাৰত টীয়কৰ বিভিন্ন সমস্যা সমাধান ক্ষেত্ৰত বিশেষ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দিয়ে। সংবাদ মেলত চৰকাৰী পক্ষই ৰাইজৰ দলক নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত শাসকীয় পক্ষৰ তুলনাত মাহীআই দৃষ্টিৰে চাইছে বুলি অভিযোগ তোলে প্ৰাৰ্থীগৰাকীয়ে ।
লগতে কংগ্ৰেছ তথা মিত্ৰজোঁটৰ বিপৰীতে ৰাইজে এইবাৰ ৰাইজৰ দলক অধিক সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে।ইপিনে প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে যথেষ্ট কম সময় নিৰ্ধাৰণ কৰাৰ হেতুকে ভোটাৰৰ ঘৰে ঘৰে গৈ দলীয় কৰ্মৰাজিৰ বিষয়ে জনাবলৈ অসুবিধাৰ সন্মুখীন হোৱাত সকলো ৰাইজকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাবলগীয়া হোৱাৰ বাবে ৰাইজক ক্ষমা বিচাৰে । প্ৰকৃত আঞ্চলিকবাদ প্ৰতিষ্ঠা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দলক ভোটদান কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে । অহা ২৭ মাৰ্চত টীয়ক সমষ্টিত মুঠ ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান অনুস্থিত হ’ব । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৩১,২৯৮জন ইয়াৰে পুৰুষ-৬৬,০৩৯ জন আৰু মহিলা-৬৫,২৫৯ গৰাকী ভোটাৰ আছে ।