স্মৃতি ৰেখা লাহন,টীয়ক: নিৰ্বাচনী প্ৰচাৰ এতিয়া তংগত উঠিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টি সমূহ । টীয়ক বিধানসভা সমষ্টিৰ মুদৈজান ভৰলুৱা গাঁৱত ৰাজৈ বাদুলীপুখুৰী পঞ্চায়তৰ অধীনত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভাত প্ৰাৰ্থী পল্লবী গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহি বিজেপিক ভোঁট জলকীয়াতকৈও জলা বুলি আখ্যা দিয়ে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে নিকটতম টীয়ক সমষ্টিৰ উক্ত নিৰ্বাচনী সভাত উপস্থিত হৈ বিজেপি চৰকাৰৰ মিথ্যাচাৰ,ভ্ৰষ্টাচাৰক সমালোচনা কৰি দুখীয়া দুখ বুজা তথা দেশ আৰু জাতি ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছৰ পক্ষত ভোট দিবলৈ আহ্বান জনায়।লগতে চৰকাৰী আঁচনিত ভোল নগৈ প্ৰকৃত উন্নয়ন কোনে কৰিব তাক অনুধাৱন কৰি অহা ২৭মাৰ্চত সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰি পল্লবী গগৈক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়।বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰাৰ্থী পল্লবী গগৈক লগত লৈ ঝুমুৰ নৃত্য কৰাৰ লগতে অহা ২২ মে’ত চৰকাৰ গঠন কৰি পুনৰ নৃত্য কৰি বিজয় উল্লাস কৰিব বুলি মন্তব্য কৰে।

আনহাতে মিত্ৰদলৰ প্ৰাৰ্থীৰ হৈ বিজেপিয়ে টীয়কত বিজেপিৰ বাটৰ নাট প্ৰদৰ্শন কৰে । নিৰ্বাচনত জয়ী হ’বলৈ প্ৰতিটো ৰাজনৈতিক দলে ন ন কৌশল অৱলম্বন কৰিছে। ৰাজ্যৰ বিভিন্ন সমষ্টিত শাসনাধিষ্ট বিজেপি দলে এইবাৰ বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে।
ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ উদ্যোগত অসমৰ প্ৰায়বোৰ সমষ্টিতে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি নাটক আকাৰে ৰাইজৰ মাজলৈ নিবলৈ তথা আঁচনিৰ স্বচ্ছতা শুদ্ধ ৰূপত উপস্থাপন কৰি ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰিছে।লগতে বিগত পাঁচটা বছৰে সমগ্ৰ অসমতে চৰকাৰে বাট পথ দলং নিৰ্মাণ,ব্যৱসায়,কৃষি,শিক্ষা, চাকৰি আদিৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে তাক তন্ন তন্নকৈ ৰাইজক জনাই প্ৰতিখন আঁচনিৰে পুনৰ ৰাইজ উপকৃত হ’বলৈ পুনৰ বিজেপিৰ পক্ষতে ভোটদান কৰিবলৈ আহ্বান জনায়।