টীয়ক: টীয়কৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিয়লি এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে। কাকজান খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত হাজাৰ হাজাৰ সমৰ্থকৰ আগত ভাষণ প্ৰদান কৰি টীয়কত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাক পুনৰবাৰ জয়ী কৰাবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ।
ভাষণত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক সময়ত টীয়কত এটা প্ৰেক্ষাগৃহ, এটা কলাক্ষেত্ৰ স্থাপন কৰাৰ লগতে প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম টো পূৰ্ণাংগ ৰূপ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।