ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতীয়া ফুকনৰ নিৰ্বাচনী সভা

স্মৃতি ৰেখা লাহন, টীয়ক: নিৰ্বাচনলৈ মাজত মাথো ১৪টা দিন বাকী।অন্য ৰাজনৈতিক দলসমূহৰ দৰে অসমৰ ৰাজনীতিৰ পথাৰত নৱ সংযোজন ৰাইজৰ দলেও সমষ্টিৰ ঠায়ে ঠায়ে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকনে চেনিজান লক্ষ্মীবাৰী চাহ বাগিছাত ৰাইজক সাক্ষাত কৰি তেওঁৰ হৈ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায়।লগতে পূৰ্বে শাসনত থকা বিধায়ক-বিধায়িকাৰ কৰ্মৰাজিক তীব্ৰ ভাষাৰে সমালোচনা কৰি এইবাৰ সকলোবোৰ সমস্যা ৰাইজৰ দলে সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

টীয়ক বিধানসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন

আনহাতে ১০২নং টীয়ক বিধানসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটে টীয়ক নগৰৰ মাজমজিয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ প্ৰচাৰ অভিযান চলাই নিবলৈ দুয়ো দলৰ কৰ্মী সকলৰ উপস্থিতিত এই কাৰ্যালয় উদ্ধোধন কৰে।অগপ বিজেপি ভাই ভাই শ্ল’গানেৰে সকলো কৰ্মকৰ্তা একলগ হৈ ৰাজ্যত পুনৰ বিজেপিক শাসনৰ গাডীত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত এইদৰে দুয়ো দলে উমৈহতীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু বিপুল ভোটত প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব বুলি সংকল্পবদ্ধ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply