বৃন্দাবন গোস্বামী কাষত দুই অগপৰ জেষ্ঠ নেতা

তেজপুৰ: তেজপুৰৰ নিৰ্বাচনী প্ৰচাৰে এইবাৰ আন এক মাত্ৰা পাইছে । এইবাৰৰ নিৰ্বাচনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক চলিছে ৰাজনীতি । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কনিষ্ঠ পুত্ৰ হেমৰাজ ৰাভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা , জ্যোতি প্ৰসাদ আগৰৱালা, শংকৰদেৱৰ , মাধবদেৱৰ নাম লৈ ৰাজনীতিৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো দলক আহ্বান জনাইছে । আনহাতে এইবাৰ তেজপুৰত খুৰা ভতিজাৰ মাজত যুঁজ হোৱাটো খাটাং । এই ঘোষনা তেজপুৰৰ খুৰা আৰু ভতিজাৰ । তেজপুৰৰ অগপ বিজেপি মিত্ৰজোটৰ প্ৰাথী তথা কলাগুৰু বিষ্ণুৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা ভতিজা কংগ্ৰেছ প্ৰাথী অনুজ মেচ ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই এইবাৰ তেওৰ লগত যুঁজ ভতিজা অনুজ মেচৰ লগত হব
। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ অনুজ মেচেও তেওৰ যুঁজ খুৰাক পৃথ্বীৰাজ ৰাভা লগত হব বুলিয়েই কয় । তেজপুৰত খুৰা ভতিজাৰ যুজত কোন জয়ী সেয়া ডাঙৰ প্ৰশ্ন ! এফালে খুৰা ভতিজাৰ যুঁজ আনফালে প্ৰাৰ্থিত্ব নোপাৱাৰ ক্ষোভত জ্বলিছে বৃন্দাবন গোস্বামী। অগপ প্ৰাৰ্থী গৰাকীক দলীয় কাৰ্যালয়ত সোমাবলৈ নিদি দলৰ নেতৃত্ব আহিবলৈ কৈ ক্ষোভ প্ৰকাশ কৰিছে। সোমবাৰে প্ৰাৰ্থিত্ব বঞ্চিত দুই অগপৰ জ্যেষ্ঠ নেতা বিশ্বনাথ সমষ্টিৰ টিকট বঞ্চিত নেতা প্ৰবীন হাজৰিকা আৰু বৰচলা সমষ্টিৰ টিকট বঞ্চিত প্ৰেম শৰ্মাই বৃন্দাবন গোস্বামীৰ সৈতে আলোচনা কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply