নিউজ ডেস্কঃ সমূখত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ বৰমূৰীয়া সকল। 

আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনত ১৭ নং কাছিকটা পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী উত্তম দেউৰী। 

উত্তম দেউৰীৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনাই ভোটাৰ ৰাইজক। 

ইফালে, নিৰ্বাচনী সভাখনত সাংসদ পল্লৱ লোচন দাস, বিধায়ক ড° অমিয় কুমাৰ ভূঞা, দলৰ জিলা সভাপতি ফণীধৰ বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰাও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply