নিউজ ডেস্ক– সমাগত বিধান সভা নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক নেতাসকল। ধুমধামেৰে চলিছে নিৰ্বাচনী প্ৰচাৰ।

দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব মন্ত্ৰী ৰাজনাথ সিঙে। মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰুৱা আৰু ভবেন ভড়ালীৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । তেওঁ প্ৰমোদ বৰঠাকুৰৰ হৈ এখন জনসভাটো অংশ ল’ব ।

ইপিনে শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নী, শিৱসাগৰ চামুগুৰিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমণী তাঁতী,সুৰভী ৰাজকোঁৱৰ আৰু অনিল শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply